/asomiyapratidin/media/media_files/2025/02/24/qvFMLW1s8msxK2uqkc87.jpg)
অৱসৰপ্ৰাপ্ত শিক্ষক- সমাজকৰ্মী গিৰীন্দ্ৰ নাথ বৰা আৰু নাই
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ বৰজহাৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীন্দ্ৰ নাথ বৰাৰ সোমবাৰে সন্ধিয়া নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে । ঐতিহ্যমণ্ডিত বৰজহা মজলীয়া বিদ্যালয়ৰ পৰা প্ৰধানশিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা বৰা বিগত প্ৰায় কুৰিদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্যাশায়ী হৈ আছিল ।
৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা সৰবৰহী ব্যক্তিগৰাকী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল । গণিত বিষয়ৰ শিক্ষক হিচাপে সমাদৃত গিৰীন্দ্ৰ নাথ বৰাই ব্ৰজাৱলী ভাষাৰ ভাওনাত নাৰী চৰিত্ৰত সাৱলীল অভিনয় কৰি এক সুকীয়া পৰিচয় অৰ্জন কৰিছিল ।
অংকশাস্ত্ৰত যথেষ্ট বুৎপত্তি থকা বৰাৰ মৃত্যুত সমগ্ৰ দক্ষিণপাট অঞ্চলতে শোকৰ ছাঁ পৰিছে । মৃত্যুৰ সময়ত তেওঁ পুত্ৰ-বোৱাৰী, নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ গৈছে । তেওঁৰ মৃত্যুত বৰজহা হৰিমন্দিৰ পৰিচালনা সমিতি, সামাজিক-সাংস্কৃতিক অনুষ্ঠান সৃষ্টি, বেবেজীয়া প্ৰেছ ক্লাব আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে ।