শিক্ষা বিভাগৰ চাৰি বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ

মানকাচৰত শিক্ষা বিভাগৰ চাৰি বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। হাটশিঙিমাৰী আৰক্ষী অধীক্ষকৰ ওচৰত অৱসৰপ্ৰাপ্ত শিক্ষক হজৰত আলী আহমেদে দাখিল কৰিলে এই এজাহাৰ।

author-image
Asomiya Pratidin
New Update
৩.৫০ লাখ টকা দাবীৰ অভিযোগ

৩.৫০ লাখ টকা দাবীৰ অভিযোগ

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰত শিক্ষা বিভাগৰ চাৰি বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। হাটশিঙিমাৰী আৰক্ষী অধীক্ষকৰ ওচৰত অৱসৰপ্ৰাপ্ত শিক্ষক হজৰত আলী আহমেদে দাখিল কৰিলে এই এজাহাৰ। শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপন কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষক হজৰত আলীয়ে।

উল্লেখযোগ্য যে, শিক্ষক হজৰত আলী ৩১ মাৰ্চত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। বিভাগীয় নিয়ম অনুসৰি অৱসৰ লাভ কৰাৰ লগে শিক্ষা বিভাগে পেন্সনৰ ধন খিনি মোকোলাই দিব লাগে। যিকোনো শিক্ষক অৱসৰ হোৱাৰ লগে লগে শিক্ষা বিভাগে শিক্ষক জনক ৩০০ দিনৰ ছুটিৰ দৰমহাও মোকোলাই দিব লাগে। কিন্তু অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ নামত থকা ধন খিনি মোকোলাই দিয়াৰ বাবে ৩.৫০ লাখ টকা দাবী কৰিছে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীয়ে। যাৰবাবে এই অভিযোগ তুলি ইতিমধ্যে জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে হজৰত আলীয়ে।

মানকাচৰ খণ্ড প্ৰাথমিক বিষয়া ছামিউল হক ছৰকাৰ, দক্ষিণ শালমাৰা মানকাচৰ জিলা বিদ্যালয়ৰ উপ পৰিদৰ্শক যুগল চন্দ্ৰ দাস, মানকাচৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত ইউডিএ খনিন্দ্ৰ চন্দ্ৰ দাস আৰু অৱসৰপ্ৰাপ্ত ইউডিএ সুনিল কুমাৰ চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা থকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এইদৰে পেন্সনৰ ধন বিচাৰি অৱসৰপ্ৰাপ্ত শিক্ষকে শিক্ষা বিষয়াৰ কাৰ্যালয়ত ঘূৰি থাকিবলগীয়া হৈছে

অভিযোগ অনুসৰি উৎকোচ নিদিয়াৰ বাবে শিক্ষা বিভাগে মোকোলাই দিয়া নাই প্ৰাপ্য ধন। মন কৰিবলগীয়া বিষয় যে, শিক্ষক জনে পাবলগীয়া ৩০০ দিনৰ ছুটিৰ দৰমহাৰ পৰা ৫৯ দিনৰ দৰমহা মোকোলাই দিয়া হৈছে যদিও বাকী ধন খিনি মোকোলাই নিদিয়াৰ বাবে তেওঁ অৰ্থ সংকটত ভুগিবলগীয়া হৈছে। কেৱল অৱসৰপ্ৰাপ্ত শিক্ষক হজৰত আলী আহমেদে নহয়, আৰু এনে বহু অৱসৰ প্ৰাপ্য শিক্ষক মানকাচৰ শিক্ষা বিভাগৰ কৰ্মচাৰীৰ পৰা পেন্সনৰ ধন মোকোলাই দিয়াৰ নামত হাৰাশাস্তি ভুগিবলগীয়া হৈছে।

ইফালে দক্ষিণ শালমাৰা মানকাচৰ বিদ্যালয়ৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ত কৰ্মৰত ইউডিএ সুনিল কুমাৰ চৰকাৰ বিগত ২০২৪ চনৰ জানুৱাৰী মাহতে অৱসৰ লাভ কৰাৰ পাছতো বৰ্তমানেও অবৈধভাৱে কাৰ্যালয়ত গোপনে কাম কাজ কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে হজৰত আলী আহমেদে।

শিক্ষা বিভাগ মানকাচৰ