Advertisment

আলমগঞ্জত অৱসৰপ্ৰাপ্ত শিক্ষকৰ বিদায় সম্বৰ্ধনা

ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ আলমগঞ্জ গেৰামাৰী একত্ৰিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ময় হুছেইন সেখক বুধবাৰে সম্বৰ্ধনা জনোৱা হয়। সেই উপলক্ষে আজি পুৱা বিদ্যালয় প্ৰাঙ্গনত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে বিদ্যালয় কৰ্তৃপক্ষই।

author-image
Asomiya Pratidin
New Update
আলমগঞ্জত অৱসৰপ্ৰাপ্ত শিক্ষকৰ বিদায় সম্বৰ্ধনা

আলমগঞ্জত অৱসৰপ্ৰাপ্ত শিক্ষকৰ বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ আলমগঞ্জ গেৰামাৰী একত্ৰিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ময় হুছেইন সেখক বুধবাৰে সম্বৰ্ধনা জনোৱা হয়। সেই উপলক্ষে আজি পুৱা বিদ্যালয় প্ৰাঙ্গনত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে বিদ্যালয় কৰ্তৃপক্ষই। 

Advertisment

বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ধীৰ বাহাদুৰ পাণ্ডে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিষয় শিক্ষক অলিউল ইছলামে। উল্লেখ্য যে ১৯৯৩ চনৰ ১২ এপ্ৰিলত উক্ত বিদ্যালয়ত বিজ্ঞান বিষয়ৰ শিক্ষক হিচাপে যোগদান কৰা ময় হুছেইন সেখে যোৱা ৩১ জানুৱাৰীত অৱসৰগ্ৰহণ কৰে। 

আজি শিক্ষকগৰাকীক বিদায় সম্বৰ্ধনা দিয়াৰ বাবে অনুষ্ঠিত কৰা সভাখনত ফুলাম গামোচা, জাপি, ধৰ্মীয় কিতাপ ,শৰাই, চাদৰ, মানপত্ৰ ,ছাতি আদিৰে বিপুল সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীয়ে কলম- কিতাপ আদিৰে সম্বৰ্ধনা জনায় । আনহাতে বিদ্যালয়খনৰ পৰিচালনা সমিতিয়েও অৱসৰী শিক্ষকগৰাকীক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। 

ইয়ৰ পাছত বিষয় শিক্ষক অলিউল ইছলাম, পৰিচালনা সমিতিৰ সভাপতি আলাউদ্দিন সৰকাৰ, ভাৰপ্ৰাপ্ত অধ্যক্ষ ধীৰ বাহাদুৰ পাণ্ডে বিদায়ী শিক্ষকগৰাকীৰ কৰ্ম জীৱনৰ ওপৰত আলোকপাতৰে ভূয়সী প্ৰশংসা কৰি ভাষণ প্ৰদান কৰে। বিদ্যালয়খনৰ শিক্ষক আব্দুল মোন্নাফ আহমেদ আঁত ধৰা সভাখনত বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি মোহাম্মদ আলীৰ লগতে শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

dhuburi