শিঙিয়া পোতনীত অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভা সম্পন্ন

দেওবাৰে নগাঁও জিলাৰ শিঙিয়া পোতনী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিক মঞ্চৰ এখন সাধাৰণ সভা শিঙিয়া পোতনী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
vvggkmkkk

ডিজিটেল সংবাদ, নগাঁওঃ দেওবাৰে নগাঁও জিলাৰ শিঙিয়া পোতনী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিক মঞ্চৰ এখন সাধাৰণ সভা শিঙিয়া পোতনী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। পুষ্পেন্দ্ৰ নাথ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপদেষ্টা ৰত্নকান্ত বৰা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খগেন বৰা, উপদেষ্টা নবীন শইকীয়া আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Advertisment

সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলে সামাজিক কৰ্মৰাজিৰ জৰিয়তে অঞ্চলটোত আগুৱাই নিয়াৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰাৰ লগতে মঞ্চক চৰকাৰী পঞ্জীয়নভুক্ত কৰিবৰ বাবে পৰামৰ্শ আগবঢ়ায়। মঞ্চৰ সম্পাদক ফুলধৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে নগাঁও-বটদ্রৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উপস্থিত থাকি শিঙিয়া পোটনি অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্যালয়ৰ আধৰুৱা হৈ থকা কামখিনি সম্পূৰ্ণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ উপৰিও শিঙিয়া পোটনি হাইস্কুলৰ সন্মুখত এখন শিশু উদ্যান নিৰ্মাণ কৰি দিয়া হব বুলি সভাত ঘোষণা কৰে।

ইফালে উক্ত সভাত মঞ্চৰ ব্যৱস্থাপনাত অহা ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন আৰু ২৬ আগষ্টত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত শিবিৰত বিভিন্ন ৰোগৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া চকু  চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ২০২৫ চনৰ ২০ এপ্ৰিলত শিঙিয়া পোতনী অঞ্চলৰ ১৯ খন গাঁৱৰ ২২৫ জন অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীক লৈ গঠন হোৱা এই মঞ্চৰ প্ৰধান উদ্দেশ্য হৈছে অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন সাধন কৰা।

নগাঁও