ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ চহৰ সংলগ্ন দৰিকাপাৰ খাটপথাৰ গাঁৱৰ নিবাসী, অধুনালুপ্ত মাহেকীয়া আলোচনী 'নীলা আকাশ’ৰ সহকাৰী সম্পাদক, বিশিষ্ট সমাজকৰ্মী তথা দৰিকা বৰপাত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ গগৈ (৬৬)ৰ বুধবাৰে নিশা দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত গুণমুগ্ধসকল শোকস্তব্ধ হৈ পৰে।
বিগত কিছুদিন ধৰি ৰোগাক্ৰান্ত অৱস্থাত থকা ভুৱন চন্দ্ৰ গগৈয়ে ৰংপুৰ নিবনুৱা যুৱক সন্থা, শিৱসাগৰ জিলা স্পৰ্টিং ক্লাব, আলোক সন্ধানী যুৱক সংঘ, দৰিকাপাৰ ঈগল ক্লাব, শিৱসিংহ সাংস্কৃতিক বিকাশ কলাকেন্দ্ৰ, চেৰেকাপাৰ দৰিকাপাৰ বেতবাৰী কৃষি, কলাকৃষ্টি আৰু সাংস্কৃতিক বিকাশ সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে বিভিন্ন পদবীত থাকি নিৰৱচ্ছিন্নভাৱে নিজৰ দায়িত্ব পালন কৰি গৈছিল। আধ্যাত্মিক অনুষ্ঠান 'ইস্কন’ৰ সৈতে জড়িত হৈ থাইলেণ্ড, ছিংগাপুৰ, মালয়েচিয়া, নেপাল ভ্ৰমণ কৰি বিভিন্ন অভিজ্ঞতাৰে 'ইডেনৰ পৰা বৈকুণ্ঠলৈ’ শীৰ্ষক গ্ৰন্থখন লিখি উলিয়াইছিল।
সমাজসেৱাকে মূলমন্ত্ৰ হিচাপে লৈ গোটেই জীৱন অবিবাহিত হৈ থকা ব্যক্তিজনক তেওঁৰ কৰ্মৰ স্বীকৃতি হিচাপে ইতিমধ্যে অসম চৰকাৰে জিলাৰ শ্ৰেষ্ঠ শিক্ষকৰ বঁটা, জিলা প্ৰশাসনে জিলাৰ উৎকৃষ্ট সেৱা বঁটা, নেহেৰু যুৱ কেন্দ্ৰই জিলাৰ শ্ৰেষ্ঠ যুৱ বঁটা প্ৰদান কৰিছিল। মৃত্যুৰ সময়ত তেওঁ মাতৃ, ভাতৃ-বোৱাৰীৰ লগতে আত্মীয়-স্বজনক এৰি থৈ যায়।
তেওঁৰ মৃত্যুত শিৱসাগৰ ই-মেডিয়া সংস্থা, অসম জাতীয় পৰিষদ, দৰিকা বৰপাত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ জিলা সাহিত্য সভা, শিৱসাগৰ কবি চক্ৰ, প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন, ৰংমন, চেৰেকাপাৰ শাখা সাহিত্য সভা, দৰিকাপাৰ-খাটপথাৰ উন্নয়ন সমিতি, ৰংপুৰ জ্যোতি ক্লাব, দৰিকাপাৰ ঈগল ক্লাবে শোক প্ৰকাশ কৰিছে।