অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজ সংগঠক সুৰেন্দ্ৰ নাথ বৰাৰ পৰলোকপ্ৰাপ্তি...

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজ সংগঠক সুৰেন্দ্ৰ নাথ বৰাৰ পৰলোকপ্ৰাপ্তি...
অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজ সংগঠক সুৰেন্দ্ৰ নাথ বৰাৰ পৰলোকপ্ৰাপ্তি...

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ কুজীডাঁহৰ নিবাসী, ৰহা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুৰেন্দ্ৰ নাথ বৰা(বাপুতি)ৰ আজি পুৱতি নিশা মধুমেহ তথা শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্তহৈ নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে। কুজীডাঁহ শ্ৰীমন্ত শংকৰ চ'ৰা কলা পৰিষদৰ প্ৰাক্তন সভাপতি, কুজীডাঁহ যুৰীয়া নামঘৰ উন্নয়ন সমিতিৰ হিচাপৰক্ষক, শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসোৎসৱ সমিতিৰ বিষয়ববীয়া, ৮০ বছৰৰো উৰ্ধৰ বৰ্ষীয়ান লোকগৰাকীয়ে ভাওনাত বিভিন্ন চৰিত্ৰত সুদক্ষতাৰে অভিনয় কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছিল।

তেওঁ কাকী, কহিগুৰি-ভালুকমাৰী আৰু জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয় আদিত শিক্ষকতা কৰাৰ পিছত ৰহা মজলীয়া বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষকৰূপে ২০০২ চনত অৱসৰ গ্ৰহণ কৰিছিল। গণিত বিষয়ত প্ৰচুৰ বুৎপত্তি থকা লোকগৰাকী এগৰাকী সফল অভিভাৱকো আছিল।

এগৰাকী সমাজ সংগঠক বৰা কৃতি শিক্ষকৰূপেও ছাত্র-ছাত্রীৰ মাজত জনপ্ৰিয় আছিল। তেওঁৰ বিয়োগৰ বতৰা পোৱাৰ পিছতে গুণমুগ্ধসকলে তেওঁৰ নশ্বৰ দেহলৈ এক মৌন শোভাযাত্ৰাৰে শ্ৰীমন্ত শংকৰ চ'ৰা কলা পৰিষদলৈ নি শেষ শ্ৰদ্ধাঞ্জলি যাচে।

গ্ৰামাঞ্চলটোৰ প্ৰায়বোৰ সামাজিক, শৈক্ষিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত মৃদুভাষী লোকগৰাকীৰ বিয়োগত শ্ৰীমন্ত শংকৰ চ'ৰা কলা পৰিষদৰ লগতে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নগাঁও জিলা সমিতি, নগাঁও জিলা মজলীয়া বিদ্যালয় শিক্ষক সন্থা, বেবেজীয়া প্ৰেছ ক্লাব, হাতীচোং পঢ়ুৱৈ চ'ৰা, সান্নিধ্য, শ্বাইন'ছ প্লেয়াৰ্ছ, বৰগছ, বৰ্ণিল গোষ্ঠী, পূৱ হাতীচোং সন্মিলিত মঞ্চ, সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতি আদিয়েও গভীৰ শোকপ্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুজনী বিবাহিত কন্যা-জোঁৱাই, দুজন পুত্ৰ-বোৱাৰী, ভগ্নী, ভতিজা, ভাগিন, নাতি-নাতিনীসহ বহু আত্মীয়-স্বজনক ইহ-সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in