Advertisment

এনে মানুহৰ বাবেই পৃথিৱীখন ধুনীয়া! এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই দান কৰিলে ঘৰ-মাটি...

মহানুভৱতাঃ এগৰাকী অৱসৰপ্ৰাপ্ত CBI বিষয়াই দান কৰিলে ঘৰ-মাটি...

author-image
Asomiya Pratidin
New Update
এনে মানুহৰ বাবেই পৃথিৱীখন ধুনীয়া! এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই দান কৰিলে ঘৰ-মাটি...

ডিজিটেল ডেস্কঃ সময় সলনি হৈছে। যান্ত্ৰিকতাৰ এই যুগত প্ৰায় সকলো মানুহেই ধন-সম্পত্তি আহৰণৰ এক অঘোষিত প্ৰতিযোগিতাত নামিছে। কিন্তু এই ভিৰৰ মাজতো বহু ব্যতিক্ৰম মানুহ। যি মানুহে এতিয়াও ধন-সম্পত্তিতকৈ বেছি গুৰুত্ব দিয়া মানৱীয় প্ৰমূল্যবোধক।

Advertisment

কেৰালাৰ এগৰাকী অৱসৰপ্ৰাপ্ত চি বি আইৰ বিষয়া। নাম তেওঁৰ এন সুন্দৰণন। চি বি আইৰ উচ্চ পদস্থ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা এন সুন্দৰণন এগৰাকী স্বৰ্ণ পদক প্ৰাপ্ত বিষয়া। এই গৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই কেৰালাৰ মুথুকুলুমত থকা তেওঁৰ ঘৰ মাটি গান্ধী ভৱন নিৰ্মাণৰ বাবে দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইতিমধ্যে গান্ধী ভৱনৰ নিৰ্মাণৰ বাবে ট্ৰাষ্ট্ৰক এই ঘৰ-মাটি দানৰ বাবে যাৱতীৱ সকলো প্ৰক্ৰিয়া সমাপন কৰিছে এন সুন্দৰণনে। পত্নীৰ সৈতে জীৱনৰ বাকীচোৱা কাল সেই মাটিৰ এটা চুকত নিৰ্মাণ কৰা এটা সৰু ঘৰতে কটাব তেওঁ।

উল্লেখনীয় কথাটো হৈছে, এন সুন্দৰণনৰ দুই পুত্ৰ হৈছে খেতিয়ক। দুই পুত্ৰইও পিতৃৰ এই সিদ্ধান্তক আদৰণি জনাই সমৰ্থন কৰিছে। যান্ত্ৰিকতাৰ এই যুগত অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীৰ এই কামে এতিয়া ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে।

প্ৰণিধানযোগ্য যে, এন সুন্দৰণন চি বি আইত যোগদান কৰাৰ পূৰ্বে ১৫বছৰ সময় ভাৰতীয় বায়ু সেনাত কৰ্মৰত আছিল। চি বি আইৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ গোচৰ সমাধান কৰিছিল।

cbi