২০২৫ৰ জানুৱাৰীত ভাৰতৰ খুচুৰা বিক্ৰীৰ বজাৰৰ উত্থান...

২০২৫ৰ জানুৱাৰী মাহত ভাৰতত খুচুৰা বিক্ৰীৰ বজাৰখনৰ যথেষ্ট উত্থান হৈছে। ভাৰতীয় খুচুৰা বিক্ৰেতা সংস্থা (RAI)ৰ তথ্য অনুসৰি, যোৱা বছৰৰ একে সময়ৰ তুলনাত ২০২৫ চনৰ জানুৱাৰী মাহত খুচুৰা বিক্ৰীৰ পৰিমাণ ৫% বৃদ্ধি পাইছে। 

author-image
Asomiya Pratidin
New Update
jij

ডিজিটেল ডেস্কঃ ২০২৫ৰ জানুৱাৰী মাহত ভাৰতত খুচুৰা বিক্ৰীৰ বজাৰখনৰ যথেষ্ট উত্থান হৈছে। ভাৰতীয় খুচুৰা বিক্ৰেতা সংস্থা (RAI)ৰ তথ্য অনুসৰি, যোৱা বছৰৰ একে সময়ৰ তুলনাত ২০২৫ চনৰ জানুৱাৰী মাহত খুচুৰা বিক্ৰীৰ পৰিমাণ ৫% বৃদ্ধি পাইছে। 

Advertisment

“RAI’s সমীক্ষাত দেখা গৈছে যে জানুৱাৰী মাহত খুচুৰা বিক্ৰী ৫% বৃদ্ধি পাইছে, যাৰ নেতৃত্বত আছে খাদ্য আৰু গেলামালৰ বজাৰ, ইয়াৰ বৃদ্ধি হৈছে প্ৰায় ১৩%। কিউএছআৰ আৰু চিডিআইটি ৬% বৃদ্ধি পাইছে, যিয়ে এই শিতানসমূহত গ্ৰাহকৰ ব্যয় বৃদ্ধিৰ ইংগিত দিয়ে। 

সমীক্ষাটোৱে আৰু প্ৰকাশ কৰিছে যে, পশ্চিম ভাৰতত সৰ্বাধিক বিক্ৰী বৃদ্ধি ৭% হোৱাৰ বিপৰীতে উত্তৰ আৰু দক্ষিণ ভাৰতত প্ৰত্যেকেই ৫% বৃদ্ধি পোৱা গৈছে। পূব ভাৰতত মাত্ৰ ৪% বৃদ্ধিহে দেখা গৈছে। শিতানৰ ক্ষেত্ৰত খাদ্য আৰু গেলামালৰ দোকানে সৰ্বাধিক ১৩% বৃদ্ধি পঞ্জীয়ন কৰে, তাৰ পিছতে গ্ৰাহক টেকসই সামগ্ৰী আৰু কিউএছআৰে প্ৰত্যেকেই যোৱা বছৰৰ ২০২৪ চনৰ জানুৱাৰী মাহৰ তুলনাত ৬% বৃদ্ধি দেখুৱাইছে।

 

ভাৰত