/asomiyapratidin/media/media_files/2025/04/19/FUyxdNxFLeA34gvQfUdX.jpg)
ডিজিটেল ডেস্ক : সা-সামগ্ৰী তথা বয়- বস্তুৰ মূল্যবৃদ্ধি ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও প্ৰচেষ্টা অৱ্যাহত ৰাখিছে। চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপসমূহে ইতিমধ্যে ইতিবাচক সঁহাৰি দেখুৱাইছে। যাৰ ফলত দেশত হ্ৰাস পাইছে খুচুৰা মুদ্ৰাস্ফীতি। এই কথা সদৰী কৰিছে বিত্ত মন্ত্ৰালয়ে।
এক বিবৃতিযোগে বিত্ত মন্ত্ৰালয়ে উল্লেখ কৰে যে, চৰকাৰে অৰ্থনৈতিক বৃদ্ধিৰ পোষকতা কৰাৰ সমান্তৰালকৈ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে এক স্থায়ী প্ৰচেষ্টা হাতত লৈছে। যাৰ ফলত বিগত ৬টা বছৰত খুচুৰা মুদ্ৰাস্ফীতি হাৰ নিম্নতম স্তৰত উপনীত হৈছে। এই ৬টা বছৰত খুচুৰ মুদ্ৰাস্ফীতি ৪.৬ শতাংশ হ্ৰাস পাইছে। যিটো অনাগত দিনসমূহৰ বাবে আশাব্যঞ্জক খবৰ।
মুদ্ৰাস্ফীতি হ্ৰাসে উপভোক্তাৰ বহুবোৰ দিশত প্ৰভাৱ পেলায়। যেনে- মানুহৰ জীৱন-যাপনৰ খৰচৰ চাপ লাঘৱ কৰা, অৰ্থনৈতিকভাৱে স্বচ্চল কৰা আদি দিশত সহায় কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us