Advertisment

হাজো পোৱামক্কা নিৰ্বাচনৰ ফলাফল ঘোষণা

ঐতিহ্যমণ্ডিত হাজোৰ পোৱামক্কা দৰগাহ শ্বৰীফ পৰিচালনা সমিতিৰ নিৰ্বাচনৰ ফলাফল সোমবাৰে কামৰূপ জিলা প্ৰশাসনে ঘোষণা কৰে। এগৰাকী খাদিমসহ মুঠ ১১গৰাকী সদস্যৰ মাজত ৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল নিৰ্বাচন

author-image
Asomiya Pratidin
New Update
zb

ডিজিটেল সংবাদ, হাজো : ঐতিহ্যমণ্ডিত হাজোৰ পোৱামক্কা দৰগাহ শ্বৰীফ পৰিচালনা সমিতিৰ নিৰ্বাচনৰ ফলাফল সোমবাৰে কামৰূপ জিলা প্ৰশাসনে ঘোষণা কৰে। এগৰাকী খাদিমসহ মুঠ ১১গৰাকী সদস্যৰ মাজত ৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল নিৰ্বাচন ।

Advertisment

মুঠ ২৯ টা ভোট গ্ৰহণ কেন্দ্ৰত ৩০৯৭৯ গৰাকী ভোটাৰে ২৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে ।  ঘোষিত ফলাফল অনুসৰি খাদিম পদৰ বাবে নিৰ্বাচিত হয় আলহাজ ফৰিদ আলী ।

ফৰিদ আলীয়ে তেওঁৰ নিকটতম প্ৰাৰ্থী পূৰ্বৰ খাদিম তৌফিক হুছেইনক ৬৪৪ টা ভোটৰ ব্যৱধানত পৰাভূত কৰি খাদিম পদৰ বাবে নিৰ্বাচিত হয় । নিৰ্বাচিত সদস্য আৰু খাদিমক লৈ তীৰ্থনগৰী হাজোত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় ।

hajo