উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল : পিতৃ-মাতৃহীন জ্যোতি বসুমতাৰীৰ চমকপ্ৰদ সফলতা

পিতৃ-মাতৃহীন মেধাৱী ছাত্ৰী জ্যোতি বসুমতাৰীৰ কষ্টকৰ জীৱন কাহিনী শুনাৰ পিছত উদয় আদিত্য গোস্বামীয়ে তেওঁক দুবছৰ বিনামূলীয়াকৈ পঢ়ুওৱাৰ দায়িত্ব গ্ৰহণ কৰে। সেই অনুসৰি- উদয় আদিত্য গোস্বামীৰ মালিকনাধীন সোলেঙীৰ শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰত

author-image
Asomiya Pratidin
New Update
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

ডিজিটেল সংবাদ, ছয়দুৱাৰ : অষ্টম শ্ৰেণীত পঢ়ি থকা সময়ত পিতৃ-মাতৃ দুয়োকে হেৰুৱাই নিথৰুৱা হৈ পৰা হেলেম মৌজাৰ নলনীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পুৰণিগেৰাজৰ মেধাৱী ছাত্ৰী জ্যোতি বসুমতাৰীয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল(কলা শাখা)ত ৮৬.৬% নম্বৰেৰে চমকপ্ৰদ সফলতা লাভ কৰি কৃতিত্বৰ অধিকাৰী হৈছে। 

Advertisment

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

পুৰণিগেৰাজ গাঁৱৰ এটা তেনেই দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী জ্যোতি বসুমতাৰীৰ পিতৃ আছিল এগৰাকী সাধাৰণ কৃষক‌। পৰিয়াল ভৰণ -পোষণৰ তাগিদাত প্ৰায়ে দিন হাজিৰাও কৰিবলগীয়া হৈছিল পিতৃ শশী বসুমতাৰীয়ে। মাতৃ কুঞ্জ বসুমতাৰীয়েও অশেষ কষ্ট কৰি অব্যাহত ৰাখিছিল জীৱন যুদ্ধ।

টেটোনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্ৰেণীত পঢ়ি থাকোতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাৰ পিছত জ্যোতি বসুমতাৰীয়ে বায়েক-ভিনিহিয়েকৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হয়। পুৰণিগেৰাজত থকা বায়েক পৰিমতি বসুমতাৰী আৰু ভিনিহিয়েক ৰঞ্জিত বসুমতাৰীৰ ঘৰত থাকি পঢ়া-শুনা কৰিবলৈ লোৱা জ্যোতি বসুমতাৰীয়ে বিভিন্ন ঘাত-প্ৰতিঘাত আৰু অভাৱ-অনাটনৰ মাজেৰে টেটোনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত  পৰীক্ষাত অৱতীৰ্ণ হৈ ৬৪ শতাংশ নম্বৰ লাভ কৰি সফলতা লাভ কৰে।

যিহেতু জ্যোতি বসুমতাৰীৰ ভিনিহিয়েক ৰঞ্জিত দৈমাৰী এগৰাকী দিন হাজিৰা কৰা শ্ৰমিক সেয়ে মেট্ৰিক পাছ কৰাৰ পিছত উচ্চ শিক্ষা গ্ৰহণত আৰ্থিকভাৱে যথেষ্ট বাধাৰ সন্মুখীন হয় জ্যোতি বসুমতাৰী। মেধাৱী ছাত্ৰী জ্যোতি বসুমতাৰীৰ এই দুখৰ কাহিনী টেটোনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সেই সময়ৰ বিষয় শিক্ষক ৰাজু গৌতমে গহপুৰৰ বিশিষ্ট সমাজকৰ্মী, উদ্যোগপতি উদয় আদিত্য গোস্বামীক অৱগত কৰে।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

পিতৃ-মাতৃহীন মেধাৱী ছাত্ৰী জ্যোতি বসুমতাৰীৰ কষ্টকৰ জীৱন কাহিনী শুনাৰ পিছত উদয় আদিত্য গোস্বামীয়ে তেওঁক দুবছৰ বিনামূলীয়াকৈ পঢ়ুওৱাৰ দায়িত্ব গ্ৰহণ কৰে। সেই অনুসৰি- উদয় আদিত্য গোস্বামীৰ মালিকনাধীন সোলেঙীৰ শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰত আৱাসিক ছাত্ৰী হিচাপে উচ্চতৰ মাধ্যমিকৰ কলা শাখাত নাম ভৰ্তি কৰি দিয়ে জ্যোতি বসুমতাৰীক।

উক্ত শিক্ষানুষ্ঠানত দুটা বছৰ সম্পূৰ্ণ বিনামূলীয়াকৈ অধ্যয়ণ কৰাৰ পিছত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত জ্যোতিয়ে ৮৬.৬% নম্বৰেৰে চমকপ্ৰদ সফলতা লাভ কৰে। ঘোষিত ফলাফলত তেওঁ অসমীয়াত ৯১, ৰাজনীতি বিজ্ঞানত ৯২, বুৰঞ্জীত ৮৬, অৰ্থনীতিত ৮৬, ইংৰাজীত ৭৫ আৰু ভূগোল বিষয়ত লাভ কৰে ৮৯ নম্বৰ।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

জ্যোতি বসুমতাৰীৰ এই চমকপ্ৰদ ফলাফলৰ খবৰ ল'বলৈ তেওঁৰ ঘৰলৈ যোৱা উদয় আদিত্য গোস্বামীক জ্যোতিৰ লগতে তেওঁৰ বায়েক ভিনিহিয়েকে সাদৰ সম্ভাষণ জ্ঞাপন কৰি উদয় আদিত্য গোস্বামীৰ মহানুভৱতাক আন্তৰিকতাৰে স্বীকাৰ কৰাৰ লগতে কৃতজ্ঞতাৰ চিন স্বৰূপে বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক বস্ত্ৰৰে সম্ভাষণ জ্ঞাপন কৰে। উদয় আদিত্য গোস্বামীয়ে দৰিদ্ৰ পৰিয়ালটোৰ প্ৰতি দেখুওৱা এই মানৱীয়তাক শলাগ লয় গাঁওবাসীয়েও।

উল্লেখযোগ্য যে- জ্যোতি বসুমতাৰীয়ে আগ্ৰহ প্ৰকাশ কৰিলে তেওঁক স্মাতক শাখাও বিনামূলীয়াকৈ পঢ়োৱাৰ দায়িত্ব ল'ব বুলি পৰিয়ালটোৰ আগত ব্যক্ত কৰে উদয় আদিত্য গোস্বামীয়ে।

AHSEC assam hs result