/asomiyapratidin/media/media_files/2025/08/22/ujjjd-2025-08-22-13-28-06.jpg)
ডিজিটেল ডেস্কঃ নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষাৰ চৰ্চা আৰু প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া প্ৰতিদিন ডিজিটেলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰিছিল চিঠি লেখা প্ৰতিযোগিতাৰ। প্ৰথম মাহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহু শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশ ল’লে এই প্ৰতিযোগিতাত।
দুটা শাখাত অনুষ্ঠিত কৰা এই চিঠি লেখা প্ৰতিযোগিতাৰ ২২জুলাই, ২০২৫ৰ পৰা ২২আগষ্ট, ২০২৫ৰ লৈকে প্ৰকাশিত চিঠিসমূহ ইতিমধ্যে প্ৰকাশিত হৈছে অসমীয়া প্ৰতিদিন ডিজিটেলত। বিগত মাহটোত ‘ক’ শাখাৰ বাবে পঠোৱা এখনো চিঠি পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা নহ’ল যদিও ‘খ’ শাখাত শ্ৰেষ্ঠ চিঠিৰ পুৰস্কাৰ লাভ কৰিছে বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰজ্বলিতা বৰাই। একাদশ শ্ৰেণী ছাত্ৰী প্ৰজ্বালিকাৰ চিঠিখন এই মাহটোৰ শ্ৰেষ্ঠ চিঠি হিচাপে বিবেচনা কৰিছে বিচাৰক মণ্ডলীয়ে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ক শাখাত চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে আৰু খ শাখাত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ সামৰি অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাৰ। শ্ৰেষ্ঠ প্ৰতিযোগীক এখনি মাত্ৰ পত্ৰ, কিতাপৰ টোপোলা আৰু নগদ ১০০০টকাৰে অসমীয়া প্ৰতিদিন ডিজিটেলৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ’ব।
চিঠি লেখা প্ৰতিযোগিতাত খ শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰজ্বালিতা বৰাৰ চিঠিখন প্ৰকাশ হৈছিল ২২জুলাই, ২০২৫ত। আইতাকলৈ সম্বোধন কৰি লিখা চিঠিখনৰ শিৰোনাম আছিল- মৰমৰ আইতা, কৃত্ৰিম বুদ্ধিমত্তাৰ কথা জানানে তুমি? শ্ৰেষ্ঠ চিঠি হিচাপে বিবেচিত হোৱা প্ৰজ্ঞলিতাৰ চিঠিখন পঢ়ক তলৰ এই লিংকতঃ-
মৰমৰ আইতা, কৃত্ৰিম বুদ্ধিমত্তাৰ কথা কম তোমাক আজি...
বিগত এটা মাহত এই প্ৰতিযোগিতাত অংশ লোৱা আন প্ৰতিযোগী সকল আছিল ক্ৰমে, ভায়লিনা বৰা, ধৃতাশ্ৰী ভৰদ্বাজ, নিহাৰীকা বৰা, নিহাৰিকা নাথ, গহনা চক্ৰৱৰ্তী, শুভাংকৰ শইকীয়া, স্নেহাপ্ৰিয়া বৰদলৈ, প্ৰজ্ঞা দিহিঙীয়া, দিগন্ত বৰা, ৰোজ পল্লৱ, কংকন বৰ্মন, ৰক্তিম তহবিলদাৰ, ৰোজ মিলি, আৰু ৰিয়ান।
এই প্ৰতিযোগিতাৰ ধাৰাবাহিকতা অব্যাহত থাকিব। প্ৰতিযোগিতাত অংশ লব খোজা প্ৰতিযোগীসকলে হোৱাটছ এপ নম্বৰ ৬০০০৯ ৫৩৪৩৪ বা ৯৪৩৫০৬২৬৭৮ নম্বৰলৈ চিঠি প্ৰেৰণ কৰিব পাৰিব। আৰু প্ৰতিযোগিতাৰ নিয়মাৱলী এনেধৰণৰ-
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/22/ujjjs-2025-08-22-12-58-48.jpg)
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us