মৰমৰ আইতা, কৃত্ৰিম বুদ্ধিমত্তাৰ কথা কম তোমাক আজি...

অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা প্ৰতিযোগিতা। আজিৰ বি বৰুৱা মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰজ্বলিতা বৰাৰ চিঠিৰে আৰম্ভ কৰা হৈছে এই প্ৰতিযোগিতা...

author-image
Asomiya Pratidin
New Update
চিঠি  1 (2)

অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজি এই প্ৰতিযোগিতাত বি বৰুৱা মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰজ্বলিতা বৰাই লেখা এই চিঠিখন আগবঢ়োৱা হৈছে....

Advertisment

এই প্ৰতিযোগিতাত অংশ ল'বলৈ সবিশেষ তলৰ লিংকত পঢ়ক-

<iframe src="https://www.facebook.com/plugins/post.php?href=https%3A%2F%2Fwww.facebook.com%2Fasomiya.pratidin%2Fposts%2Fpfbid07iHAikn1WuHBmkSgFFG73LP4hpCm4DuNnf8PyMFqJ5SXJSHGsUQiJp6iGmVD52s2l&show_text=true&width=500" width="500" height="706" style="border:none;overflow:hidden" scrolling="no" frameborder="0" allowfullscreen="true" allow="autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share"></iframe>

 

নুনমাটি, গুৱাহাটী

৩/০৭/২০২৫

পূজনীয়া আইতা,

প্রথমে মোৰ শ্ৰদ্ধা আৰু সেৱা ল'ব। আশা কৰোঁ আপোনাৰ লগতে ককা, মামা-মামী আৰু ভাইটি সকলোৰে ভাল। মোৰো ভালেই। মই এইবাৰ মেট্রিক পৰীক্ষাত উত্তীর্ণ হৈ নতুন উদ্যমেৰে, জীৱনৰ লক্ষ্য-উদ্দেশ্য আগত লৈ পঢ়িবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকৰ সেইফালে বতৰ কেনে? আমাৰ গুৱাহাটী মহানগৰত বৰ গৰম। মাজে-সময়ে বৰষুণ দিয়ে। বৰষুণ দিলেতো জানাই-কৃত্রিম বানৰ সমস্যাত ভুগিব লাগে!

 

1
প্ৰজ্বলিতাৰ চিঠি- পৃষ্ঠা ১

 

কৃত্রিম বানৰ কথা কওঁতেই 'কৃত্রিম' শব্দটোৰ লগত জড়িত আন এটা কথা আপোনাক ক'বলৈ মন গৈছে। কথাটো কি জানানে - সেয়া কৃত্রিম বুদ্ধিমত্তা। আজিকালি এইটো শিক্ষিত লোকসকলৰ মাজত খুব চৰ্চাৰ বিষয় হৈ পৰিছে। কৃত্রিম মানে কি আপুনিতো জানেই। কৃত্রিম' মানে হ'ল মানুহে সৃষ্টি কৰি লোৱা আৰু 'বুদ্ধিমত্তা' মানে শিকা আৰু ভবাৰ ক্ষমতা। আজিৰ পৰা কেবাদশকৰ আগতেই 'যন্ত্রমানৱ' বা 'ৰবট' বুলি এটা যন্ত্ৰৰ উদ্ভাৱন কৰা হৈছিল। সি যন্ত্র হ'লেও মানুহৰ দৰে কথা ক'ব পাৰে আৰু কাম কৰিব পাৰে। সিহঁতে মানুহে বিচৰা ধৰণে যিকোনো কাম নিখুঁতভাৱে কৰিব পাৰে। আজিকালি চিকিৎসা কৰিবলৈ যদি উন্নত চিকিৎসালয়লৈ যোৱা হয়, তেন্তে দেখিব যে কিছুমান অতি জটিল অস্ত্রোপচাৰ এই যন্ত্রমানৱবোৰেই নিখুঁতভাৱে সম্পন্ন কৰে। অকল চিকিৎসাৰ ক্ষেত্ৰতে নহয়, ব্যৱসায়-বাণিজ্যৰ প্রতিষ্ঠান, উদ্যোগ প্রতিষ্ঠান, কল-কাৰখানা আদিত এই যন্ত্রমানৱ তথা ৰবটেই কাম-কাজবোৰ কৰে। আনকি লিখা-মেলা কৰা, ছবি অঁকা আদি সৃষ্টিশীল কামতো এই ৰবটবোৰ পিছ পৰি থকা নাই। আপুনি যে আগতে আপোনাৰ নাতি-নাতিনীহঁতক জোনাক ৰাতি মুকলি আকাশৰ তলত ৰজা-ৰাণী, ভূত-প্রেত আদিৰ সাধুকথা কৈ আমোদ দিছিল, ঠিক সেইদৰে আজিকালি ৰবটেহে আমোদ-প্রমোদ দিয়ে। আপুনি সোধা যিকোনো প্ৰশ্নৰ উত্তৰ এই ৰবটবোৰে দিব পাৰে। এইবোৰ কিহৰ দ্বাৰা সম্ভৱ হৈছে গম পাইছেনে? এইবোৰ সম্ভৱ হৈছে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে। অর্থাৎ মানুহে কৃত্রিম বুদ্ধিমত্তা এই ৰবটৰ প্রয়োগ কৰিছে। ই মানুহৰ কামবোৰ একেবাৰে সহজ আৰু খৰতকীয়া কৰি দিছে। কিন্তু এই কৃত্রিম বুদ্ধিমত্তাই আজিকালি মানুহৰ চাই অধিকাৰ কৰিবলৈ লোৱাত বহু মানুহৰ জীৱিকা হেৰাই যোৱাৰ উপক্ৰম হৈছে।

 

2
প্ৰজ্বলিতাৰ চিঠি- পৃষ্ঠা ২

 

আপুনিতো জানেই, মোৰ এগৰাকী বাইদেউ নিশিতা এগৰাকী বৰ ভাল চিত্ৰকৰ। কাগজত ছবি অঁকাৰ উপৰিও তাই কম্পিউটাৰতো ছবি আঁকে। 'কম্পিউটাৰ' বুলি কওঁতে চাগৈ আপুনি বুজিয়েই পোৱা নাই- কি বস্তু এইটো! কম্পিউটাৰ হল এটা আধুনিক যন্দ্ৰ, যাৰ পৰা নতুন নতুন কথা জানিব পাৰি, তথ্য সংৰক্ষণ কৰিব পাৰি। তদুপৰি কম্পিউটাৰত বিভিন্ন কলা-কৌশলযুক্ত খেল খেলিব পাৰি। লগতে ছবি আদিও আঁকিব পাৰি। আজিকালি কম্পিউটাৰত মানুহে এইধৰণৰ ছবি আঁকিবৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰহে আশ্রয় লৈছে। কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত কেইছেকেণ্ডমানতেই এনে চিত্র তৈয়াৰ কৰিব পাৰি। ফলত নিশিতা বাইদেউৰ আজিকালি চলিবলৈ বৰ অসুবিধা হৈছে। এবাৰ ভাবি চাওকচোন, নিশিতাৰ দৰে কিমান লাখ-কোটি মানুহে নিজৰ জীৱিকা হেৰুৱাবলগীয়া হৈছে।

 

3
প্ৰজ্বলিতাৰ চিঠি- পৃষ্ঠা ৩

 

 আজিৰ পৃথিৱীখান আগৰ পৃথিৱী হৈ থকা নাই, বুজিছে আইতা? আজিকালি হিচাপ-কিতাপৰ বাবেও মানুহবোৰে কৃত্রিম বুদ্ধিমত্তাৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ লৈছে। গতিকে চাওকচোন, কৃত্রিম বুদ্ধিমত্তাই কেনেকৈ আমাক ঘেৰি ধৰিছে, আৰু নিশিতা বাইদেউৰ দৰে উঠি অহা প্রতিভাক নিঃশেষ কৰিবলৈ আগবাঢ়িছে! এবাৰ ভাবি চাওকচোন, এনেকুৱাকৈ চলি থাকিলে দেখোন পৃথিৱীত মানুহবোৰ একেবাৰে নিষ্কর্মা হৈ পৰিব। এনেকুৱা হলে দেখোন মানুহবোৰৰ জীৱিকাৰ পথ শূন্য হৈ পৰিব । কথাবোৰ ভাবি ভাবি মই কেতিয়াবা সন্দিহান হৈ পৰোঁ। সঁচাকৈ যদি এনে পৰিস্থিতি হয়, তেন্তে পৃথিৱীখনত অৰাজক পৰিস্থিতি হৈ পৰিব । কেনেবাকৈ যদি যন্ত্রমানৱবোৰে নিজে চিন্তা কৰাৰ ক্ষমতা লাভ কৰে, তেন্তে দেখোন পৃথিৱীত যন্ত্রমানৱবোৰেই ৰাজত্ব কৰিবলৈ ল'ব। সঁচাকৈ বাৰু আমি এনে এখন ভয়ংকৰ পৃথিৱীলৈ গৈ আছোঁ নেকি?
 
আশা কৰোঁ মোৰ কথাখিনিৰ পৰা আপুনি আধুনিক যুগৰ প্ৰযুক্তিৰ এক নতুন উদ্ভাৱনৰ বিষয়ে এটা আভাস পালে। চাওকচোন আইতা, আগৰ পৃথিৱীখন আৰু আজিৰ পৃথিৱীখনৰ মাজত কিমান আকাশ-পাতাল পার্থক্য !

 

4
প্ৰজ্বলিতাৰ চিঠি- পৃষ্ঠা ৪

 

শেষত পুনৰ আপোনালৈ মোৰ শ্রদ্ধা-ভক্তি আৰু মৰমবোৰ জনালোঁ। ইয়াৰ ভাগ ককা, মামা, মামীকো দিব আৰু মৰমৰ ভাগ দিব ভাইটিক। মোৰ চিঠিখন পঢ়ি আপুনি কোনকুৱা পালে তাকে বেকত কৰি মোলৈ এখন চিঠি লিখিবচোন।

ইতি,

আপোনাৰ মৰমৰ নাতিনী 
প্রজ্বলিতা বড়া (ধনছোৱালী)

 


প্রতি

শ্রীযুতা হেমলতা বড়া

দীঘলীগাঁও

ডাকঘৰ : ঘিলামৰা

জিলা: লখিমপুৰ

পিন: ৭৮৫০৫৩

 

চিঠি চিঠি লিখা প্ৰতিযোগিতা