/asomiyapratidin/media/media_files/2025/06/03/NGlBEDXCd1zlfIZUQD9e.jpg)
ডিজিটেল সংবাদ, চিৰাং : সমাগত বাৰিষাৰ বতৰত চিৰাং জিলাৰ মাজেদি বৈ যোৱা আই, নাঙলভাঙা, চম্পাৱতী আৰু ইয়াৰ অন্যান্য শাখা নৈসমূহৰ জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ চিৰাং জিলাৰ জিলা দণ্ডাধীশ যতীন বৰাই বিএনএছএছ আইন ২০২৩ ৰ ১৬৩ নং ধাৰাত কিছু নিষেধাজ্ঞা জাৰি কৰিছে। বাৰিষাৰ বতৰত জিলাখনৰ নৈসমূহৰ জলপৃষ্ঠ যিকোনো মুহূৰ্তত বিপদ সীমা অতিক্ৰম কৰাৰ সম্ভৱনা সদায় থাকে।
ফলস্বৰূপ নৈপৰীয়া অঞ্চল প্লাৱিত কৰাৰ লগতে উক্ত অঞ্চলত বসবাস কৰা জনসাধাৰণ লৈ বিপদ কঢ়িয়াই আনে। লগতে তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি, বাৰিষাৰ এই সময়ছোৱাত নৈসমূহত অসুৰক্ষিতভাৱে নাওঁ চলাচল কৰাৰ সময়ত দুৰ্ঘটনা সংঘটিত হয় আৰু এনেধৰণৰ ঘটনাত মানুহৰ জীৱনৰ লগতে সা-সম্পত্তিৰ ক্ষতি আৰু ধুমুহা বতাহৰ সময়ত বিপজ্জনকভাৱে নৈৰপাৰত একত্ৰিত হোৱা আদিৰ ঘটনাৰ পৰা সম্ভৱনাপূৰ্ণ বিপদৰ পৰা সুৰক্ষা দিবলৈ নিদিষ্ট কিছু কিছু ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।
তাৰে ভিতৰত এই বতৰত নৈৰ বুকুত মৎসচিকাৰ, অকৰ্তৃত্বশীলভাৱে পাৰাঘাট আৰু নৈৰ বুকুত ব্যক্তিগত নাওঁ চলাচল নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰিও চৰকাৰীভাৱে অনুমোদিত ঘাটত পুৱা ৫-০০ বজাৰ পৰা সন্ধিয়াৰ ৬-০০ বজাৰ ভিতৰত নাওঁ চলাচলৰ সময়সীমা বান্ধি দিয়া হৈছে ।
চৰকাৰীভাৱে নিৰ্ধাৰণ কৰি দিয়া সময়ছোৱাত চলাচল কৰা নাওঁসমূহত যাত্ৰীৰ সুৰক্ষাৰ বাবে বাধ্যতামূলকভাৱে থাকিব লাগিব লাইফ জেকেট, বয়, সুদক্ষ চালক, আৰু ৰছী আদি । এই সামগ্ৰী সমূহ অবিহনে নাওঁ চলোৱা কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে ।
এই নিৰ্দেশ ধুমুহা, বৰষুণ আৰু বতাহ চলি থকা সময়ত নাৱত অতিৰিক্ত বোজা কঢ়িওৱা, অনুমোদিত ক্ষমতাৰ বাহিৰত যাত্ৰী কঢ়িয়াই নিয়া আৰু নাও চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । চলাচলৰ বাবে অযোগ্য বুলি বিবেচিত হোৱা নাওঁ কোনোপধ্যেই চলাচল কৰিব নোৱাৰিব ।
তদুপৰি বাৰিষাৰ বতৰত নৈ গৰাখহনীয়াৰ কবলত পৰি ক্ষতিগ্ৰস্থ নৈ ঘাট বা বিপদজনক অৱস্থাত থকা পথৰ ওপৰেদি সাধাৰণ ৰাইজ তথা যানবাহনৰ প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে । সাধাৰণ জনতাই নিজৰ ইচ্ছাত নৈ পাৰাপাৰ কৰাৰ ক্ষেত্ৰতো আদেশৰ অধীনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ বাবে এই আদেশ গৃহীত কৰা হৈছে। কিন্তু এই আদেশৰ পৰিসৰৰ পৰা নিৰাপত্তাৰক্ষী, বন বিষয়া, ৰক্ষী, কৰ্তব্যৰত চৰকাৰী চাকৰিয়াল আৰু সাহায্য আৰু জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকসকল ৰেহাই দিয়া হৈছে।
এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হয় আৰু পৰৱৰ্তী জাননী নিদিয়ালৈকে বলবৎ থাকিব। এই আদেশ উলংঘা কৰিলে আইপিচি ১৮৮ ধাৰাত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। যিকোনো ব্যক্তিয়ে এই আদেশৰ পৰা ৰেহাই বা সংশোধন বিচাৰিলে কোনো ব্যক্তিয়ে চিৰাঙৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ত লিখিত আবেদন দাখিল কৰিব পাৰিব বুলি বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে ।