/asomiyapratidin/media/media_files/2025/07/18/agroni-khabar-2025-07-18-23-35-55.webp)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা পূৰ্বৰ সমিতিৰ সম্পাদক ত্ৰিকেন্দ্ৰজিৎ দেৱগোস্বামীয়ে শুকুৰবাৰে বটদ্ৰৱা থান পৰিচালনা তদৰ্থ সমিতিৰ হাতত দ্বায়িত্বভাৰ অৰ্পন কৰে।
নগাঁও জিলা আয়ুক্তৰ অনুমতি লৈ, বটদ্ৰৱা থানৰ কাৰ্যালয়ত নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, বটদ্ৰৱা থানৰ নামলগোৱা, শিল্পী পেঞ্চনাৰ ডম্বৰুধৰ গায়ন, বটদ্ৰৱা থানৰ কেইবাগৰাকী সত্ৰীয়া আৰু আজীৱন সদস্যৰ লগতে নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত শিল্পী ৰেখা পণ্ডিতৰ উপস্থিতিত সম্পাদক ত্ৰিকেন্দ্ৰজিৎ দেৱ গোস্বামীয়ে তেওঁৰ কাৰ্যকালৰ হিচাপ নিকাচ, নথি পত্ৰ, চাবি কাঠি সমূহ তদৰ্থ সমিতিৰ হাতত অৰ্পন কৰে। লগতে ত্ৰিকেন্দ্ৰজিৎ দেৱগোস্বামীয়ে ভবিষ্যতে থানৰ উন্নয়ন দিশত গ্ৰহণ কৰা সকলো কাৰ্যসূচী তথা পদক্ষেপত পূৰ্ণ সহযোগিতা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
ইফালে সকলো বাদ বিবাদ নেওচি, থানখনৰ সুস্থিৰ বাতাবৰণৰ স্বাৰ্থত পুৰণি সমিতিৰ সম্পাদক ত্ৰিকেন্দ্ৰজিৎ দেৱগোস্বামীয়ে, বিগত বছৰৰ ৯ জুনত অনুষ্ঠিত সাধাৰণ সভাত ৰাইজ, ভকত বৈষ্ণৱে পাতি দিয়া বটদ্ৰৱা থান পৰিচালনা তদৰ্থ সমিতিৰ হাতত দ্বায়িত্বভাৰ অৰ্পন কাৰ্যসূচী ভাগক যোগাত্মক দিশ বুলি মন্তব্য কৰি, উপস্থিত ভকত বৈষ্ণৱ সকলে এফাকি ঘোষাৰে আশীৰ্বাদ প্ৰদান কৰে।