ভাৰতৰ অৰ্থনৈতিক নীতিক প্ৰশংসা আই এম এফৰ...

ভাৰতৰ বিচক্ষণ অৰ্থনীতি সংস্কাৰ আৰু অৰ্থনৈতিক নীতিক প্ৰশংসা কৰিছে আই এম এফে। শেহতীয়াকৈ ভাৰতৰ জিডিপি ৬.২শতাংশ বৃদ্ধিৰে পুনৰ গতি লাভ কৰা বুলি ভাৰত চৰকাৰে সদৰি কৰা তথ্যৰ পাছতে ভাৰতৰ অৰ্থনৈতিক নীতিক লৈ প্ৰশংসা কৰিছে আই এম এফে।

author-image
Asomiya Pratidin
New Update
gdpggg

ডিজিটেল ডেস্কঃ  ভাৰতৰ বিচক্ষণ অৰ্থনীতি সংস্কাৰ আৰু অৰ্থনৈতিক নীতিক প্ৰশংসা কৰিছে আই এম এফে। শেহতীয়াকৈ ভাৰতৰ জিডিপি ৬.২শতাংশ বৃদ্ধিৰে পুনৰ গতি লাভ কৰা বুলি ভাৰত চৰকাৰে সদৰি কৰা তথ্যৰ পাছতে ভাৰতৰ অৰ্থনৈতিক নীতিক লৈ প্ৰশংসা কৰিছে আই এম এফে।

আই এম এফে শেহতীয়াকৈ আশা প্ৰকাশ কৰিছে যে, ২০৪৭চনৰ ভিতৰত ভাৰত বিশ্বৰ ভিতৰতে এখন বৃহত অৰ্থনৈতিকভাৱে টনকিয়াল দেশ হিচাপে পৰিগণিত হব। উল্লেখ কৰা প্ৰয়োজন যে,  আই এম এফে ভাৰতৰ প্ৰকৃত জিডিপিৰ বিকাশ ২০২৪-২৫ চনত ৬.৫ শতাংশ থাকিব বুলি পূৰ্বানুমান কৰিছিল। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰসংঘই ২০২৫ চনৰ বাবে জিডিপিৰ বিকাশ ৬.৬ শতাংশ পূৰ্বানুমান কৰিছে।

সেইদৰে বিশ্ববেংক আৰু Mood’s এ ভাৰতৰ জিডিপি বিকাশ ক্ৰমে ৬.৫ শতাংশ আৰু ৭ শতাংশ হ’ব বুলি পূৰ্বানুমান কৰিছে। ইফালে শেহতীয়াকৈ  Grant Thornton-ৰ সমীক্ষা অনুসৰি ৮৪ শতাংশ অংশগ্ৰহণকাৰীয়ে স্বাস্থ্য বিমাৰ ওপৰত জিএছটি হ্ৰাস কৰাৰ পক্ষত আছে। ৬৮ শতাংশ অংশগ্ৰহণকাৰীয়ে এছ এম ই ঋণ আৰু ডিজিটেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ পক্ষত আছে। তাৰোপৰি ১৩ শতাংশ অংশগ্ৰহণকাৰীয়ে গৱেষণা আৰু উন্নয়নৰ বাবে নতুনকৈ কৈ প্ৰেৰণা বিচাৰিছে।

ভাৰত