ওদালগুৰি জিলা বিজেপিৰ সভাপতিৰ পদত্যাগ

এক পত্ৰযোগে বসুমতাৰীয়ে সম্পূৰ্ণ ব্যক্তিগত কাৰণত বিজেপিৰ জিলা সভাপতিৰ লগতে ৰাজনৈতিক দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰাৰ কথা উল্লেখ কৰে।

author-image
Asomiya Pratidin
New Update
193

ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰীয়ে মঙলবাৰে দলৰ পৰা পদত্যাগ কৰিছে। এক পত্ৰযোগে বসুমতাৰীয়ে সম্পূৰ্ণ ব্যক্তিগত কাৰণত বিজেপিৰ জিলা সভাপতিৰ লগতে ৰাজনৈতিক দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰাৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে যোৱা বিটিচি নিৰ্বাচনত জিলা সভাপতি হিচাপে ওদালগুৰি জিলাখনৰ দহটা পৰিষদীয় সমষ্টিত সন্তোষজনক ফলাফল লাভ কৰাত দলটো ব্যৰ্থ হৈছিল। ইয়াৰ পিছতে আজি জিলা সভাপতিগৰাকীয়ে পদত্যাগ কৰা বিষয়টোৱে চৰ্চা লাভ কৰিছে।

ওদালগুৰি