কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত ৰদ-বদল…তিনি গৰাকীক নতুন দায়িত্ব...

স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ধনশিৰি পৰিষদীয় সমষ্টিৰ এম এ চি তিলোত্তমা হাষ্ণুক নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব প্ৰদান কৰা হয় ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,হাওৰাঘাটঃকাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত ৰদ-বদল। উল্লেখ্য যে স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ধনশিৰি পৰিষদীয় সমষ্টিৰ এম এ চি তিলোত্তমা হাষ্ণুক নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব প্ৰদান কৰা হয় ।

লগতে কাছে ৰংপিপি আৰু মাধুৰ্য ঢেকিয়াল ফুকনক দ্বিতীয় বাৰৰ বাবে কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত কৰা হয়। আনহাতে স্বায়ত্ত শাসিত পৰিষদৰ পূৰ্বৰ আন দুগৰাকী কাৰ্যবাহী সদস্য ক্ৰমে কাংবুৰা কিলিং আৰু মুকুট মহন্তক তেওঁলোকৰ পদবীৰ পৰা ইতিমধ্যে অব্যাহতি দিয়া হৈছে ।

কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদ