/asomiyapratidin/media/media_files/2025/03/15/BYXLA0iOc8HdA5xa8B99.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংক(আৰ বি আই)ক কেন্দ্ৰীয় বেংকিং লণ্ডনে নিৰ্বাচিত কৰিছে এক বিশেষ বটাঁৰ বাবে। ভাৰতীয় ৰিজাৰ্ভ বেংকক চেণ্ট্ৰেল বেংকিং, লণ্ডন, ইউ কেৰ দ্বাৰা ২০২৫ চনৰ ডিজিটেল ট্ৰেন্সফৰ্মেচন এৱাৰ্ডৰ বাবে নিৰ্বাচিত কৰা হৈছে। আৰ বি আইক প্ৰৱাহ আৰু ডিজিটেল ব্যৱস্থাকে ধৰি ইয়াৰ পদক্ষেপসমূহৰ বাবে বঁটা আৰু স্বীকৃতি দিয়া হৈছে।
বঁটা সমিতিখনে লক্ষ্য কৰিছিল যে এই ডিজিটেল পদক্ষেপসমূহে কেনেদৰে কাগজভিত্তিক দাখিলৰ ব্যৱহাৰ হ্ৰাস কৰিছে যাৰ ফলত আৰ বি আইৰ ৰূপান্তৰ ঘটিছে। চেণ্ট্ৰেল বেংকিং লণ্ডনে এক বিবৃতিত কয় যে- বিগত দুটা বছৰত ভাৰতীয় ৰিজাৰ্ভ বেংকত ডিজিটেল টাৰ্ণফৰ্মেশ্যনৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে।
২০২৪ চনৰ মে’ মাহত আৰম্ভ হোৱা ডিজিটেল ৰূপান্তৰ প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত হিন্দী ভাষাত প্ৰৱাহা ‘মসৃণ প্ৰবাহ’ই বাহ্যিক ব্যৱহাৰকাৰীসকলৰ বাবে আৰ বি আইত নিয়ন্ত্ৰণমূলক আবেদন দাখিল কৰাৰ এক ডিজিটেলাইজড উপায়ৰ সৃষ্টি কৰিছিল। তাৰ পিছত প্ৰৱাহ পৰ্টেলৰ জৰিয়তে দাখিল কৰা আৰু প্ৰক্ৰিয়াকৰণ কৰা নথি-পত্ৰসমূহ সৰ্থী ডাটাবেছত প্লাগ কৰা হয়, য’ত আৰ বি আইৰ কাৰ্যালয়সমূহৰ ভিতৰত ডিজিটেলভাৱে চম্ভালিব পৰা যায়, কেন্দ্ৰীভূত চাইবাৰ সুৰক্ষা ব্যৱস্থা আৰু ডিজিটেল ট্ৰেকিঙৰ সৈতে।