অক্টোবৰত ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ ২৭ টন সোণ সংযোজন...

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে নিজৰ মজুতত আৰু ২৭টন সোণ সংযোজন কৰিছে। বৃহস্পতিবাৰে বিশ্ব সোণ পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় বেঙ্কবোৰেও চলিত বৰ্ষৰ অক্টোবৰত ক্ৰয় কৰা সোণৰ পৰিমাণ আছিল ৬০ টন

author-image
Asomiya Pratidin
New Update
gold

ডিজিটেল ডেস্ক : ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে নিজৰ মজুতত আৰু ২৭টন সোণ সংযোজন কৰিছে। বৃহস্পতিবাৰে বিশ্ব সোণ পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় বেঙ্কবোৰেও চলিত বৰ্ষৰ অক্টোবৰত ক্ৰয় কৰা সোণৰ পৰিমাণ আছিল ৬০ টন।

ইয়াৰে মূলতঃ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে নিজা মজুতত ২৭ টন মূল্যৱান ধাতু ক্ৰয় কৰাতো অন্যতম গুৰুত্বপূৰ্ণ দিশ। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মাহেকীয়া তথ্য অনুসৰি ডব্লিঅ’ জি চিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জানুৱাৰীৰ পৰা অক্টোবৰ লৈ ভাৰতে ক্ৰয় কৰা মুঠ সোণৰ পৰিমাণ ৭৭ টনলৈ বৃদ্ধি পাইছে। 

আৰ বি আয়ে ২০২৩ত একেই সময়ছোৱাত ক্ৰয় কৰা সোণৰ পৰিমাণ চলিত বৰ্ষত ৫গুণ বৃদ্ধি হৈছে। ভাৰতৰ মুঠ সোণৰ মজুত এতিয়া ৮৮২টন হৈছেগৈ। ইয়াৰে ৫১০ টন ৰখা হৈছে দেশত। উল্লেখযোগ্য যে তুৰস্ক আৰু পোলেণ্ডে ২০২৪ৰ জানুৱাৰীৰ পৰা অক্টোবৰৰ সময়ছোৱাত ক্ৰমে ৭২ টন আৰু ৬৯ টন সোণ ক্ৰয় কৰিছে।

gold