/asomiyapratidin/media/media_files/2025/03/15/xLl9UPMiIFt4T8iW9Gy9.jpg)
মুছলমান ঠিকাদাৰলৈ ৪ শতাংশ সংৰক্ষণ
ডিজিটেল ডেস্ক: শুকুৰবাৰে (১৪ মাৰ্চ) কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত মুছলমান ঠিকাদাৰৰ বাবে গ্ৰহণ কৰে এক বিশেষ সিদ্ধান্ত। বিধানসভাৰ কেবিনেট হ'লত অনুষ্ঠিত হোৱা এই বৈঠকত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে কেটিপিপি আইনত চৰকাৰী নিবিদাত মুছলমানক সংৰক্ষণৰ ব্যৱস্থা কৰাৰ সংশোধনীত অনুমোদন জনাইছে। কেবিনেটে সিদ্ধান্ত লয় যে, চলিত বিধানসভা অধিৱেশনত কেটিপিপি আইন উত্থাপন কৰা হ’ব আৰু তাৰ পিছত সংশোধনী কৰা হ’ব।
কেৱল চৰকাৰী নিবিদাত মুছলমান ঠিকাদাৰক সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈহে এই আইনত সালসলনি কৰা হৈছে। এই সংৰক্ষণৰ সীমা ৪ শতাংশ ৰখা হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে ৭ মাৰ্চত কৰ্ণাটক চৰকাৰৰ বাজেট দাখিলৰ সময়ত মুছলমানক চৰকাৰী চুক্তিত সংৰক্ষণ দিয়া হ’ব বুলি নিশ্চিত কৰা হৈছিল।
ইয়াৰ ফলত ১ কোটি টকা পৰ্যন্ত নিবিদাত সংৰক্ষণ কৰা হ'ব। চৰকাৰী বিভাগ, নিগম আৰু প্ৰতিষ্ঠানৰ অধীনত সামগ্ৰী আৰু সেৱা ক্ৰয়ৰ ক্ষেত্ৰত এই এক কোটি পৰ্যন্ত নিবিদাত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ বাহিৰেও তিনিটা ভিন্ন শ্ৰেণীৰ অধীনত যোগানকাৰীক সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব।
কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে চৰকাৰী নিবিদাত মুছলমান ঠিকাদাৰক সংৰক্ষণ দিয়াৰ কথা ৰাজহুৱা কৰাৰ পিছৰে পৰা বিৰোধী দল বিজেপিয়ে চৰকাৰক কৰিছে তীব্ৰ সমালোচনা।