/asomiyapratidin/media/media_files/2025/01/11/a5SVzfb8i0A7ANZ2r2Ep.jpg)
উমৰাংছু’ত অব্যাহত আছে উদ্ধাৰ অভিযান : কণিকা হোজাই আৰু দেবুলালৰ বিৰুদ্ধে এজাহাৰ দাখিল
ডিজিটেল ডেস্ক : ডিমা হাচাও জিলাৰ উমৰাংছু’ত অবৈধ ৰেট হোল মাইনিং কয়লা খননৰ খাদত দুৰ্ভাগ্যজনকভাৱে আৱদ্ধ হৈ পৰা শ্ৰমিকৰ উদ্ধাৰ আজিও সম্ভৱ হৈ উঠা নাই। শনিবাৰৰ পুৱাৰ ভাগলৈকে উক্ত খাদৰ পৰা দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও আৰু কিমান শ্ৰমিক সেই পানীৰে পৰিপূৰ্ণ খাদত আৱদ্ধ হৈ আছে সেই সন্দৰ্ভতো প্ৰশাসন তথা চৰকাৰৰ হাতত কোনো তথ্য নাই।
এই অবৈধ কয়লা খননৰ আঁৰত থকা দুজন ব্যক্তিৰ বিৰুদ্ধে শুকুৰবাৰে উমৰাংছু’ থানাত দাখিল কৰা হয় এজাহাৰ। এই এজাহাৰত উল্লেখ থকা নাম কেইটা হ’ল- শ্ৰীমতী কণিকা হোজাই আৰু ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোচা।
এজাহাৰত উল্লেখ কৰা মতে তেওঁলোক দুয়োৰে উদ্যোগতে এই অবৈধ কয়লা খনন হৈ আছিল তিনিকিলো নামৰ স্থানত। উচ্চতম ন্যায়ালয় তথা এন জি টি নিষেধাজ্ঞালৈ পিঠি দি এনে ৰেট হোল মাইনিংত নিয়োজিত অতি কমেও ২০ জন শ্ৰমিকে প্ৰাণ হেৰুৱাৰ সন্দেহ কৰা বুলি এজাহাৰ উল্লেখ কৰা হৈছে।
/asomiyapratidin/media/media_files/2025/01/11/dwTEz0QePosHzvufkDv8.jpg)
এজাহাৰত স্পষ্টকৈ কোৱা হৈছে যে এই দুৰ্ঘটনা সংঘটিত হোৱা খাদটো আছিল শ্ৰীমতী কণিকা হোজাইৰ নামত। তেওঁ ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লেচাৰ পত্নী। অবৈধ এই খননৰ সৈতে প্ৰত্যক্ষভাৱে মুখ্য কাৰ্যবাহী সদস্যগৰাকীও জড়িত থকা বুলি কোৱা হৈছে। এজাহাৰৰ সৈতে কে হোজাইৰ নামত থকা আছাম মিলাৰেল ডেভল’পমেণ্ট কোপাৰেছনৰ পৰা ইচ্ছ্যু কৰা এখন চালানো গাঁঠি দিয়া হৈছে।
জীৱনৰ সৈতে হেতালি খেলি আইনগত নিষেধাজ্ঞাক নেওচি এই অবৈধ খনন চলোৱাৰ বাবে দুয়োৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলা হৈছে এজাহাৰত। লগতে সমগ্ৰ কাণ্ডৰ উচিত তদন্তৰো দাবী জনাইছে। ভাৰতীয় ন্যায় সংহিতাৰ ২০২৩ৰ ৩০৩ ধাৰা, দ্যা এনভাইৰ’নমেণ্টেল প্ৰটেক্টশ্যন এক্ট ১৯৫৬, দ্যা মাইন এণ্ড মিনাৰেলছ ৰেগুলেশ্যন এক্ট ১৯৫৭, দ্যা ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট ১৯৮০ৰ আধাৰত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে এজাহাৰকাৰীয়ে।
/asomiyapratidin/media/media_files/2025/01/11/6xCKi1pb5UTXJ1IJKeCN.jpg)
ইফালে এজাহাৰত এই খাদটোত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলৰ বিষয়ো উল্লেখ কৰা হৈছে। এজাহাৰখন দাখিল কৰিছে পিলিছ লাংথাচা আৰু কোমেই কেম্পায়ে। জানিব পৰা মতে কণিকা হোজাই আৰু দেবুলাল গাৰ্লেচাৰ বিৰুদ্ধে আন এখন এজাহাৰ দাখিল কৰিছে আন ৭জন লোকে। সেই এজাহাৰতো প্ৰথমখন এজাহাৰৰ দৰে অনুৰূপ অভিযোগ উত্থাপন কৰা হৈছে দম্পতিহালৰ বিৰুদ্ধে।
দ্বিতীয়খন এজাহাৰ দাখিল কৰা সকলৰ ভিতৰত আছে- মনজিত লাংথাচা, চান্দো দাংগাপো, দিপেন থাওৰেণ, জয় বিজিত দাংগাপো, পি খাৰচা, আদিত্য চাংয়ং আৰু ৰিনজয় বাথাৰি। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ লৈ এক পত্ৰ প্ৰদান কৰিছে কাৰ্বি ছাত্ৰ সন্থাই। স্মাৰকপত্ৰত বিষয়টো গুৰুত্বসহকাৰে লৈ অবৈধ কয়লা খননেৰে জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু পাৰিপাৰ্শ্বিক দিশত ইয়াৰ ফলত হোৱা ক্ষয়-ক্ষতি সন্দৰ্ভত ব্যৱস্থা ল’বলৈ কাৰ্বি ছাত্ৰ সন্থাই দাবী তুলিছে।
ইফালে উমৰাংছুৰ অবৈধ কয়লা খনিত সংঘটিত এই ঘটনাৰ পাছত উদ্ধাৰ অভিযান আৰু পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যাব ঘটনাস্থলীলৈ।