/asomiyapratidin/media/media_files/2025/01/08/kcMMgeVYH0bhck88CpAt.jpg)
Rescue operation underway at Umrangsu coal mine
ডিজিটেল ডেস্ক : উমৰাংছু’ কয়লা খনিত যুদ্ধকালীন তৎপৰতাৰে অৱ্যাহত আছে উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান। বুধবাৰে পুৱাৰে পৰা অৱ্যাহত ৰাখিছে এই অভিযান। ইয়াৰ মাজতে আজি পুৱাই খনিটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় নৌ সেনাৰ ডুবাৰুৱে ৷
উল্লেখযোগ্য যে আবদ্ধ হৈ থকা ৯জন শ্ৰমিকৰ বাকী ৮জন শ্ৰমিকক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই উদ্ধাৰকাৰী দলে ৷ এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে মঙলবাৰৰ সন্ধিয়াৰে পৰা অহা ধাৰাসাৰ বৰষুণৰ ফলত কয়লা খনিটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল। দিনটোত কেইবাবাৰো উদ্ধাৰ অভিযান চেষ্টা চলোৱাৰ পাছতো শ্ৰমিকসকলক উদ্ধাৰ কৰাত ব্যৰ্থ হৈছিল উদ্ধাৰকাৰী দল ৷
উল্লেখযোগ্য যে ভাৰতীয় সেনা, অসম ৰাইফলছ, এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধাৰ অভিযান অৱ্যাহত ৰাখিছে। এই সমূহ উদ্ধাৰকাৰী দলৰ মাজতে কালি সন্ধিয়া ভাৰতীয় নৌ সেনাৰ ১২ জনীয়া এটা দল বিশাখাপট্টনমৰ পৰা আহি উমৰাংছ’ত উপস্থিত হৈ বুধবাৰে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে।