/asomiyapratidin/media/media_files/2025/06/13/zdoA2sGSZPPHYyut3smv.jpg)
ডিজিটেল সংবাদ, খেৰণি : পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামৰ কাৰ্বি-ৰংচপিত বনৰীয়া হাতী পোৱালি উদ্ধাৰ কৰা হৈছে। হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ অকলশৰীয়াকৈ জনাঞ্চলত বিচৰণ কৰি আছিল হাতী পোৱালীটো।
হাতী পোৱালীটোক স্থানীয় ৰাইজৰ সহযোগত বন বিভাগৰ দলে আবদ্ধ কৰি খেৰণি বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে। ইতিমধ্যে পোৱালিটোক বন বিভাগে নিৰীক্ষণত ৰাখি খাদ্য সামগ্ৰী আৰু প্ৰাথমিক চিকিৎসা প্ৰদান আদি অব্যাহত ৰাখিছে।