/asomiyapratidin/media/media_files/2025/01/26/yHY09VCBRHu1kfof90gE.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ: সমগ্ৰ দেশৰ লগতে আজি ধেমজি জিলাৰ চিচিবৰগাঁৱটো পালন কৰা হয় ৭৬ সংখ্যক গণৰাজ্য দিৱস। বিগত দুটা দশকে চিচিবৰগাঁও সমষ্টিত বিভিন্ন জন হিতকৰ কাম কাজ চলাই থকা স্বেচ্ছাসেৱী অনুষ্ঠান নন্দীগিৰি সমাজ কল্যাণ সমিতিৰ উদ্যোগত মনী ভূঞা ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে গণতন্ত্ৰ দিৱস অনুষ্ঠিত কৰা হয়।
ৰাষ্ট্ৰীয় পতাকা উত্তোলন,ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ পিছতে বন্তী প্ৰজ্বলন কৰে চুণ্টু ভূঞাই। মাংগলিক নিয়মৰ মাজেৰে সমিতিৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰে শিক্ষক তথা নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ সভাপতি দিগন্ত ভূঞাই।
বিশিষ্ট সমাজকৰ্মী নন্দীগিৰী ভূঞাৰ অধ্যক্ষতাত সমস্যাৰে জৰ্জৰিত সমাজৰ উন্নয়ন আৰু সংস্কাৰৰ মহৎ উদ্দেশ্যৰে গঠিত স্বেচ্ছাসেৱী অনুষ্ঠানৰ লক্ষ্য বাস্তৱায়িত কৰিবলৈ প্ৰতিজন কৰ্ম-কৰ্তাই সহযোগ কৰিব লাগিব বুলি মন্তব্য কৰি সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা প্ৰদান কৰে।
অনুষ্ঠানত অধ্যাপক ড: দেৱজিৎ দাসগুপ্তা, ড: বিজয় দেৱ,সূৰজ চুতীয়া,লক্ষ্মী শইকীয়া, শিৱ প্ৰসাদ ভূঞা, মইনা আলি,ভাস্কৰ সন্দিকৈ,ইউৰোপ চুতীয়া, লেখন ভূঞা, দীপাংকৰ চুতীয়া, লেখন গগৈ,দেৱ ভূঞা, লংকেশ্বৰ গগৈ, দিপেধৰ গগৈ,দেৱ ভূঞা,মণ্টু গগৈ,ৰূপেশ্বৰ টিপমীয়া,জনী ভূঞা,প্ৰিন্স চেতিয়া আদি বহু লোক উপস্থিত থাকে।