/asomiyapratidin/media/media_files/2025/01/26/6YGRxrLrQay4aZrq09xC.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসকলৈ উচাহ উদ্দীপনাৰ অন্ত নাই দেশবাসীৰ। ঢকুৱাখনা সমজিলা প্ৰশাসনৰো গণৰাজ্য দিৱসক লৈ তৎপৰতাৰ অন্ত নাই। কিন্তু ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত এইখন চৰকাৰী শিক্ষানুষ্ঠান নহয় যেন এখন পৰিত্যক্ত অনুষ্ঠানহে। মানৱ সম্পদ গঢ়াৰ আদি পাঠ শিকোৱা এইখন চৰকাৰী বিদ্যালয়ৰ পতাকা উত্তোলন বেদী উকা হৈ পৰি থাকিল গণৰাজ্য দিৱসৰ দিনা।
চৰকাৰী নিৰ্দেশনা কিম্বা ৰাজ্যিক দায়িত্ববোধক পদপিষ্ট কৰি খামন কোঁৱৰ প্ৰাথমিক বিদ্যালয়ত উত্তোলন কৰা নহ'ল জাতীয় পতাকা। ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত খামন কোঁৱৰ গাঁওত ১৯৮৪ চনতে স্থাপিত এইখন বিদ্যাৰ মন্দিৰলৈ পতাকা উত্তোলনৰ বাবে নাহিল প্ৰধান শিক্ষয়িত্ৰী দয়া বৰা , সহকাৰী শিক্ষয়িত্ৰী
ভাগ্যশ্রী চুতীয়া আৰু অঞ্জু চুতীয়া।
বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গোট,অভিভাৱক কোনো পক্ষৰে উপস্থিতি নথকা বিদ্যালয় প্ৰাঙ্গনত স্থানীয় যুৱ সমাজ উপস্থিত হয় পুৱাই। গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ বাবে বিদ্যালয় প্ৰাঙ্গন পৰিষ্কাৰ কৰি দুপৰীয়া ১১-২০ বজালৈ অপেক্ষা কৰে। কিন্তু ভৰ দুপৰীয়া পৰ্যন্ত প্ৰধান শিক্ষয়িত্ৰী,সহকাৰী শিক্ষয়িত্ৰী কোনো বিদ্যালয়ত উপস্থিত নহ'ল।
যাৰ বাবেই উৰে দিনটো উকা হৈ পৰি থাকিল পতাকা উত্তোলন বেদী। উল্লেখযোগ্য যে ঢকুৱাখনা সমজিলা প্ৰশাসন আৰু ঢকুৱাখনা শিক্ষা খণ্ডক স্থানীয় ৰাইজে অৱগত কৰাৰ পাছতো এনেবোৰ দায়িত্বশীল পক্ষৰ মৰটোপনি নাভাগিল। বিদ্যালয়খন পৰিদৰ্শনৰ বাবে প্ৰেৰণ নকৰিলে কোনো প্ৰশাসনিক বিষয়াক।
ঢকুৱাখনা সমজিলা প্ৰশাসনৰ এনে দায়িত্বহীন কাণ্ডই প্ৰবল প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে। ৰাইজৰ দাবী এই গুৰুতৰ অপৰাধৰ নিৰপেক্ষ তদন্ত হওঁক আৰু দোষীক দৃষ্টান্তমূলক শাস্তি বিহক। তাৰোপৰি ৰাইজৰ অভিযোগৰ প্ৰতি গুৰুত্ব নিদিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া,সমজিলা প্ৰশাসনৰ ওপৰত প্ৰশাসনীয় তদন্ত হওঁক।