Advertisment

অসম আৰক্ষীৰ উদ্যোগত প্ৰাক গণৰাজ্য দিৱসৰ বিশেষ পেৰেড

গণৰাজ্য দিৱসৰ বাবে অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা এই বিশেষ পেৰেড গুৱাহাটীৰ লতাশিল খেলপথাৰৰ পৰা আৰম্ভ কৰি পানবজাৰ হৈ পুনৰ লতাশিললৈ ঘূৰি আহে।

author-image
Asomiya Pratidin
New Update
xfdx

ডিজিটেল সংবাদ,দিছপুৰ: ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আজি অসম আৰক্ষীৰ উদ্যোগত প্ৰাক গণৰাজ্য দিৱসৰ বিশেষ পেৰেড অনুষ্ঠিত হয়। অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা এই বিশেষ পেৰেড গুৱাহাটীৰ লতাশিল খেলপথাৰৰ পৰা আৰম্ভ কৰি পানবজাৰ হৈ পুনৰ লতাশিললৈ ঘূৰি আহে। অনুষ্ঠানত চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা, বিশিষ্ট খেলুৱৈ লাভলীনা বৰগোঁ‌হাই প্ৰমুখ্যে বহুকেইগৰাকী আৰক্ষী বিষয়া তথা অসম চৰকাৰৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

গণৰাজ্য দিৱস