গুৰুতৰভাৱে অসুস্থ প্ৰবীণ সংবাদকৰ্মী বিদ্যাছিং ছেনাৰ, সহায়ৰ আহ্বান

সংবাদসেৱাৰ মাধ্যমেৰে বহু উল্লেখযোগ্য সামাজিক কাম সম্পন্ন কৰাৰ উপৰিও বিভিন্ন উন্নয়নমূলক কামৰ সৈতে জড়িত প্ৰবীণ সংবাদকৰ্মী বিদ্যাছিং ছেনাৰ অসুস্থ। দীর্ঘ দিন ধৰি গুৰুতৰভাবে অসুস্থ হৈ আছে সাংবাদিকগৰাকী।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,পশ্চিম কাৰ্বি আংলংঃসংবাদসেৱাৰ মাধ্যমেৰে বহু উল্লেখযোগ্য সামাজিক কাম সম্পন্ন কৰাৰ উপৰিও বিভিন্ন উন্নয়নমূলক কামৰ সৈতে জড়িত প্ৰবীণ সংবাদকৰ্মী বিদ্যাছিং ছেনাৰ অসুস্থ। দীর্ঘ দিন ধৰি গুৰুতৰভাবে অসুস্থ হৈ আছে সাংবাদিকগৰাকী।

ধনৰ অভাৱত তেওঁ নিজৰ অতি প্রয়োজনীয় চিকিৎসা কৰাব পৰা নাই। আনকি প্রয়োজনীয় দৰৱ-পাতি কিনিবলৈকো অসমৰ্থ হৈ পৰিছে সংবাদকৰ্মীগৰাকী। সুস্থ অৱস্থাত বহু লোকক নিজৰ টকা-পইচাৰে সহায় কৰিছিল ছেনাৰে। অসংখ্য ৰোগীক নিজৰ খৰচত বাহিৰলৈ নি চিকিৎসা কৰাইছে।অলেখ যুৱক-যুৱতীক কর্ম-সংস্থাপনৰ পথ দেখুৱাৰ লগতে বহুতো ৰাজহুৱা সমস্যা সমাধানৰ বাবে নিজৰ সময় আৰু ধন খৰচ কৰিছে।

অথচ আজি তেখেতৰ জীৱন-মৰণৰ সমস্যাৰ সময়ত, কোনো সমর্থবান লোকে তেওঁৰ চিকিৎসাৰ বাবে সামান্য সহায় আগবঢ়াবলৈ আগবাঢ়ি অহা নাই । সকলো শুভাকাংক্ষী ব্যক্তিকে তেখেতৰ প্রতি সহায়ৰ হাত আগবঢ়াবলৈ তেখেতৰ অসহায় পৰিয়ালে কাতৰ আহ্বান জনাইছে। সংবাদকৰ্মী গৰাকীক কোনো সুহৃদয়বান লোকে সহায় কৰিবৰ বাবে নিম্নোক্ত ঠিকনাত যোগাযোগ কৰিব পাৰে।

বিদ্যাছিং ছেনাৰ, টেংৰালাংছ' টক্সি গাঁও, ডাকঘৰ ৰজাগাঁও, পশ্চিম কাৰ্বি আংলং, অসম। ফোন: ৯৪৭৬৯-৭২৫৭৭। বেংক একাউন্ট নম্বৰ : 118605955188, আই এফ এছ চি ক'ড: SBIN0007229,গুগল পে-8473997511

কাৰ্বি আংলং