/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1a33bb5c-41ed-4eb9-8ae9-19adb2b92e0b/24.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ প্ৰতি গাই,জীয়াঢল আৰু কুমতিয়া নদী কেইখন চকুলো সদৃশ হৈ থিয় দিছে। হঠাৎ নামি অহা প্ৰচণ্ড বানৰ ঢলে মহকুমাটোৰ সোৱণশিৰী ৰাজহ চক্ৰত অবৰ্ণনীয় বান বিভীষিকাৰ সৃষ্টি কৰি আহিছে। বৃহস্পতিবাৰে পুৱা বৰ্ধিত বানে গোগামুখ-ঘিলামৰা ৰাজ্যিক ঘাই পথৰ চামপৰা অংশ জলমগ্ন কৰি বিস্তৰ ক্ষতিসাধন কৰে।
ৰাজহ চক্ৰটোৰ অন্তৰ্গত মুঠ ১০খন গাঁওৰ লগতে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, খেতিপথাৰ,ঘৰ বাৰী বুৰাই তাণ্ডৱ সৃষ্টি কৰিলে। সমান্তৰাল ভাৱে ৰাজ্যিক ঘাইপথৰ চামপৰা অংশত পথটোৰ বিস্তৰ অংশ প্ৰচণ্ড সোঁতত উটি যোৱাত যান বাহনৰ চলাচল সাময়িক ভাৱে বন্ধ ৰাখিব লগা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4d34b4a8-cfe0-401f-9e87-3c596e5a0f9b/ccbc86e5-0e62-47b3-978f-0435fb6611de.jpg)
এনে পৰিপ্ৰেক্ষিতত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতা, ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্তা দণ্ডীধৰ মিলি বিয়লিৰ পৰা নিশা পৰ্যন্ত খহনীয়াগ্ৰস্ত এলেকাত উপস্থিত হৈ।পানীত নামি তাৎক্ষণিক প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ তৎপৰতা গ্ৰহণ কৰে।লোকনিৰ্মাণ বিষয়া গৰাকীয়ে বিভাগীয় কৰ্মচাৰী সহযোগিতাত পানীৰ সোঁতৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু খহনীয়াগ্ৰস্ত পথৰ অংশ প্ৰতিৰোধ কৰিবলৈ নিশা পৰ্যন্ত লাগি সমগ্ৰ অংশত জিঅ' বেগ সংস্থাপন কৰি সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3dd37fc1-62ab-446b-b6f5-75db76586d98/55bdbb60-7145-43cc-8400-abd23eacbbff.jpg)
বন্যা ক্ষতিগ্ৰস্ত অংশত যাতে দ্ৰুতগতিত বাহনৰ চলাচল কৰাৰ বাবে অধিক খহনীয়া সৃষ্টি নহয় তাৰ বাবে পথছোৱাত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাটো লোকনিৰ্মাণ বিভাগৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে।অন্যথাই পথছোৱা বিছিন্ন হোৱাৰ আশঙ্কা কৰা হৈছে।যাৰ বাবে লোকনিৰ্মাণ বিভাগে শক্তিশালী অস্থায়ী মেৰামতিৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱাৰ দিহা কৰা বুলি জানিব পৰা গৈছে। সম্প্ৰতি দিনৰ ভাগতকৈ জলস্তৰ কিছু হ্ৰাস পোৱা দেখা যায় যদিও নিশাৰ ভাগলৈ পানী বৃদ্ধি পোৱাৰ আশঙ্কা নুই কৰিব নোৱাৰি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a6bf79d5-6bda-49d6-aa80-76c5d280b2a0/fb89e93a-61d5-4d4e-b7fa-32f377f10ee6.jpg)