বৰজহাৰ ৰেণু শইকীয়া বৰুৱাৰ মৃত্য...

বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে

author-image
Asomiya Pratidin
New Update
বৰজহাৰ ৰেণু শইকীয়া বৰুৱাৰ মৃত্য...

RENU SAIKIA BARUAH

ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰজহাৰ ধৰ্মপ্ৰাণা মহিলা ৰেণু শইকীয়া বৰুৱা (৬৮)ৰ বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় । বিগত ৯ অক্টোবৰত লক্ষ্মী পূৰ্ণিমাৰ দিনাই ঘৰৰ সমীপতে সন্ধিয়া নাম গাই থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিছিল মহিলাগৰাকী ।

Advertisment

উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰা মহিলাগৰাকী এপষেকৰো অধিক দিন গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকাৰ পিছত আজি পুৱা ৮-২৫ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে । অতি সৰলমনা আৰু বিনয়ী মহিলা গৰাকীয়ে মৃত্যুৰ সময়ত স্বামী তথা কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দূৰ্লভ বৰুৱাৰ লগতে দুই পুত্ৰ, জীয়ৰী, বোৱাৰী, নাতি-নাতিনী আদিক এৰি থৈ যায় ।

সৰবৰহী মহিলাগৰাকীৰ মৃত্যত সামাজিক-সাংস্কৃতিক অনুষ্ঠান সৃষ্টি, অৰুণোদয় পুথিভঁৰাল, নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এচ'ছিয়েশ্বন, বেবেজীয়া প্ৰেছ ক্লাব, সমন্বয় সংগীত বিদ্যালয় আদিকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । আনহাতে সামাজিকভাৱে অগ্ৰণী ৰেণু শইকীয়া বৰুৱাৰ মৃত্যৰ বাতৰি বিয়পি পৰাৰ লগে লগে শতাধিক লোক তেওঁৰ বাসগৃহত উপস্থিত হৈ অন্তিম যাত্ৰাৰ সাক্ষী হয় ।

assam Bebejia