ডিজিটেল ডেস্কঃ সোমবাৰে ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয় চিনেমালৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালে। তেওঁৰ কন্যা পিয়া বেনেগালে জনোৱা মতে, মুম্বাই চেণ্ট্ৰেলৰ অন্তৰ্গত ৱকহাৰ্ড হাস্পতাল সন্ধিয়া ৬.৩৮ বজাত তেওঁৰ মৃত্যু হয়। বিগত কেবাবছৰে বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল শ্যাম বেনেগাল।
বিশিষ্ট ছবি নিৰ্মাতাগৰাকীৰ মৃত্যত সকলোৱে শোক প্ৰকাশ কৰে। উল্লেখ্য যে, ৫ দশকৰো অধিক সময় ভাৰতীয় চিনেমাৰ এজন অগ্ৰণী চলচ্চিত্ৰ নিৰ্মাতা হিচাপে নিজৰ স্থান দৃঢ় কৰিছিল শ্যাম বেনেগালে। ১৯৭৪ চনত নিৰ্মিত ছবি ‘অংকুৰ’ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।
পৰৱৰ্তী সময়ত তেওঁৰ এখনৰ পাছত এখন ছবিয়ে মুক্তি লাভ কৰে। যেনে নিশান্ত (১৯৭৫), মন্থন (১৯৭৬), আৰু ভূমিকা (১৯৭৭) আদি। এই ছবিসমূহৰ সফলতাৰ ফলত বেনেগালে অসংখ্য ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰিছিল।
উল্লেখ কৰা প্ৰয়োজন যে, ১৯৭৬ চনত শ্যাম বেনেগালে পদ্মশ্ৰী বঁটা লাভ কৰা লগতে ১৯৯১ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰিছিল। ২৮টাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা শ্যাম বেনেগালে ভাৰতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল।