New Update
/asomiyapratidin/media/media_files/2025/08/04/rengma-2025-08-04-21-50-29.jpg)
ডিজিটেল সংবাদ উৰিয়ামঘাটঃ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত অসম নগালেণ্ডৰ সীমামূৰীয়া ৰেংমা আৰু দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলত হোৱা একাংশ সন্দেহজনক লোকৰ বেদখল উচ্ছেদ কাৰ্য যোৱা ২৯ জুলাইৰ পৰা আৰম্ভ হৈছে। ৰাজ্যৰ বন বিভাগে প্ৰশাসনৰ সহযোগত শ শ নিৰাপত্তাৰক্ষীৰে সুসজ্জিত হৈ চলোৱা উচ্ছেদ অভিযানত কালি পৰ্যন্ত ৰেংমা বনাঞ্চলৰ প্ৰায় দহ হাজাৰ বিঘা ভূমি আৰু দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় এহেজাৰ বিঘা ভূমি ইতিমধ্যে বেদখল মুক্ত কৰে।
ইয়াৰ সমান্তৰালভাৱে ৰেংমাত চাৰি হাজাৰটা আৰু দক্ষিণ নামবৰত ৩৫০টা অবৈধ ভাৱে নিৰ্মিত গৃহ উচ্ছেদ কৰে। বিভাগটোৱে ৰেংমাত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সামৰি কালিৰে পৰা দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ কাৰ্য আৰম্ভ কৰে।
উচ্ছেদৰ পাছৰ পৰ্যায়ত এক বিশাল পৰিমাণৰ ভূমি বেদখলকাৰীৰ কৱলৰ পৰা চৰকাৰে উদ্ধাৰ কৰিছে যদিও উক্ত ভূমিভাগ নগাৰ কৱলৰ পৰা ৰক্ষা কৰাটো চৰকাৰৰ বাবে অতি প্ৰত্যাহ্বান স্বৰূপ কাৰ্য হৈ পৰিছে। শেহতীয়াকৈ উচ্ছেদিত অঞ্চলসমূহত নগালোকৰ গতি-বিধি বৃদ্ধি পোৱা বিভিন্ন মহলে প্ৰত্যক্ষ কৰিছে।
কালি উচ্ছেদ কৰা দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ গেলাজান আৰু ৩ নং ৰজাপুখুৰী গাঁও দুখন নগা লোকৰ বুলি দাবী কৰিছে। উচ্ছেদ থলীত থকা নগা লোকৰ এটা দলে সাংবাদিকৰ সন্মুখতে তেনে মন্তব্য কৰা কাৰ্য অতি চিন্তনীয় বিষয় হৈ পৰিছে।
উল্লেখ্য যে খেৰবাৰীত উচ্ছেদ কাৰ্য চলি থকা সময়ত এজন নগা লোক আহি সেই ঠাইকণ তেওঁৰ বুলি দাবী কৰি তাত বসবাস কৰি থকা লোকসকল তেওঁৰ হালোৱা আছিল বুলি উপস্থিত বিভিন্ন জনৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইপিনে দয়ালপুৰত উচ্ছেদ কাৰ্য দিনটোৰ বাবে শেষ হোৱাৰ পাছত উক্ত অঞ্চলত কিছু সংখ্যক নগালোক উপস্থিত হৈ কলপুলি ৰুবলৈ চেষ্টা কৰে যদিও পিছত উচ্ছেদত অসমক সহযোগিতা আগবঢ়োৱা নগা আৰক্ষী আহি তেওঁলোকক আঁতৰাই পঠায়।
নগা লোকৰ এনেবোৰ কাম-কাজ তথা গতিবিধিয়ে এক আশংকাৰ সৃষ্টি কৰিছে। উল্লেখ্য যে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নগালেণ্ডৰ সীমাৰ মূৰীয়া অঞ্চলটো এ বি আৰু চি এই চিনিটা ছেক্টৰত বিভক্ত। ইতিমধ্যে এ ছেক্টৰটো প্ৰায় সম্পূৰ্ণৰূপে নগাৰ অধীনলৈ গৈছে।
উক্ত ছেক্টৰটোত বৰ্তমান অসমৰ এটা ভোট গ্ৰহণ কেন্দ্ৰ আছে যদিও বহু দিন ধৰি তাৰ কোনো ভোটাৰে অসমৰ নিৰ্বাচনসমূহত এটাও ভোট দান কৰা নাই। তদুপৰি নগাই ইতিমধ্যে একাধিক মহকুমা অসমৰ ভূমিত স্থাপন কৰা বুলিও দীৰ্ঘ দিন ধৰি অভিযোগ উত্থাপিত হৈ আহিছে।
শেহতীয়া খবৰ অনুসৰি থুৰীবাৰীত থকা সন্দেহজনক লোকক উচ্ছেদৰ জাননী প্ৰদান কৰিবলৈ যোৱা অসমৰ একাংশ কৰ্মচাৰীক নগালোকে বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে। পিছত দুয়ো ৰাজ্যৰ সীমা দণ্ডাধীশসকল মিলিত হৈ কৰা এক আলোচনাৰ অন্তত বিষয়টো শাম কাটে বুলি প্ৰকাশ।
এনে পৰিবেশত চৰকাৰী তথ্য মতে খালী কৰা হোৱা হাজাৰ হাজাৰ বিঘা ভূমি ৰাজ্য চৰকাৰে সুৰক্ষিত কৰাৰ শীঘ্ৰে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা অতি প্ৰয়োজন আছে বুলি বিভিন্ন মহলে মন্তব্য কৰিছে। ইপিনে প্ৰথম পৰ্যায়ৰ উচ্ছেদ সামৰি বিদ্যাপুৰত সাংবাদিকক সম্বোধন কৰি স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে কৈছিল যে, ৰেংমা সংৰক্ষিত বনাঞ্চলখনে ভৱিষ্যতে ইক' ট্যুৰিজিমৰ এক অন্যতম গন্তব্যস্থল হিচাপে পৰিগণিত হ'ব আৰু উক্ত অভিযানে অবৈধ কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
উচ্ছেদৰ জৰিয়তে সংৰক্ষিত বনাঞ্চলৰ পৰিবেশ পুনৰুদ্ধাৰ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু দীৰ্ঘকালীন সেউজ ব্যৱস্থাপনাৰ দিশে এখ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলিও চিন্তা চৰ্চা কৰাৰ কথা প্ৰকাশ পাইছিল। শেহতীয়াভাৱে নগালোকে সীমামূৰীয়া অঞ্চলত দেখুওৱা তৎপৰতা সম্পৰ্কে আজি সাংবাদিকে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত তেওঁ কয় যে, সেয়া আমাৰ মাটি, এক ইঞ্চি মাটিও নগাক দিয়া নহ'ব।
আমাৰ সীমা বিবাদ বহু পুৰণি যদিও তেওঁলোকে সকলো কথা ক'লেও নহ'ব। এইবোৰ কথাক লৈ ৰাজনীতি কৰি নগা আৰু অসমীয়াৰ মাজত সংঘাত নানিবৰ বাবে সকলোলৈ অনুৰোধ জনায়।