PM সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী যোজনাই স্পৰ্শ কৰিছে দেশৰ বহু ঠাই

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী যোজনা আৰম্ভ হোৱাৰ পিছত এতিয়ালৈকে ৬ লাখ ৮৫ হাজাৰ ৭৬৩ টা সংস্থাপন কৰা হৈছে । যিটো ইতিমধ্যে ইয়াৰ পূৰ্বে এটা দশকত স্থাপন কৰাতকৈ ৮৬% বেছি ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ চৰকাৰী এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী যোজনা আৰম্ভ হোৱাৰ পিছত এতিয়ালৈকে ৬ লাখ ৮৫ হাজাৰ ৭৬৩ টা সংস্থাপন কৰা হৈছেযিটো ইতিমধ্যে ইয়াৰ পূৰ্বে এটা দশকত স্থাপন কৰাতকৈ ৮৬% বেছি ।

মুঠ সংস্থাপনৰ ভিতৰত ৭৭% ৩-৫ কিলোৱাট ছেগমেণ্টত আছিলআনহাতে ১৪% সংস্থাপন ৫ কিলোৱাটতকৈ অধিক ছেগমেণ্টত আছিল।

প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী যোজনা সংস্থাপনৰ ক্ষেত্ৰত গুজৰাটে স্থান সৰ্বাধিক। হিতাধিকাৰীয়ে বিশেষ ৰেহাই লাভ কৰাৰ লগতে মিটাৰ সংস্থাপন, পৰিদৰ্শন, চুক্তি আদিৰ পৰা মুক্ত হ'ব পাৰে প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী যোজনা সংস্থাপনত ।

এই পৰ্যন্ত ১০০টাতকৈও কম স্থাপনৰ সংখ্যা থকা ৰাজ্যসমূহ হল ত্ৰিপুৰা, ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ।

বিনামূলীয়া বিদ্যুৎ যোগান