ডিজিটেল ডেস্কঃ ভাৰতৰ নৱীকৰণযোগ্য শক্তি ক্ষমতা বৰ্তমান মুঠ বিদ্যুৎ উৎপাদন ক্ষমতাৰ ৪৬ শতাংশৰো অধিক হৈছেগৈ। ভাৰতৰ এই ক্ষমতা বৰ্তমান ৪৫২.৬৯ গিগাৱাট।
এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে, ২০২৪ চনৰ অক্টোবৰ মাহত ভাৰতৰ নৱীকৰণযোগ্য শক্তি ক্ষমতা ২০০ গিগাৱাট অতিক্ৰম কৰি ২০৩.১৮ গিগাৱাট হৈছেগৈ। অৰ্থাৎ এটা বছৰত ভিতৰত ভাৰতৰ নৱীকৰণযোগ্য শক্তি ক্ষমতা ২৪.২ গিগাৱাট বা ১৩.৫ শতাংশ বৃদ্ধি পালে।
কেন্দ্ৰীয় নৱীকৰণযোগ্য মন্ত্ৰণালয়ৰ ফালৰ জনোৱা অনুসৰি নৱীকৰণযোগ্য শক্তি বৰ্তমান মুঠ বিদ্যুৎ উৎপাদন ক্ষমতাৰ ৪৬.৩ শতাংশৰো অধিক। নৱীকৰণযোগ্য শক্তিয়ে দেশৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতাৰ ৪৫২ গিগাৱাট স্পৰ্শ কৰিছে।
ইয়াৰোপৰি পাৰমাণৱিক শক্তিসহ ভাৰতৰ মুঠ অনা-ইন্ধন শক্তি ক্ষমতা ২০২৪ চনত ২১১.৩৬ গিগাৱাট হৈছেগৈ। ২০২৩ চনত এই পৰিমাণ আছিল ১৮৬.৪৬ গিগাৱাট।
উল্লেখ্য যে, ভাৰতৰ নৱীকৰণযোগ্য শক্তি মিশ্ৰণৰ ভিতৰত আছে সৌৰ শক্তি (৯২.১২ গিগাৱাট), বায়ু শক্তি (৪৭.৭২ গিগাৱাট), বৃহত জলবিদ্যুত প্ৰকল্প (৪৬.৯৩ গিগাৱট), ক্ষুদ্ৰ জলবিদ্যুত প্ৰকল্প (৫.০৭ গিগাৱট) আৰু বায়োমাছ, জৈৱ গেছ শক্তি (১১.৩২ গিগাৱাট)