কেবিনেটৰ সিদ্ধান্তঃ বৃদ্ধি পাব আশাকৰ্মী, ছুপাৰভাইজাৰ পাৰিতোষিক

মঙলবাৰৰ ৰাজ্যিক কেবিনেটত গ্রহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা আশাকৰ্মীয়ে ৪হাজাৰ টকাকৈ লাভ কৰিব পাৰিতোষিক

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
কেবিনেটৰ সিদ্ধান্ত

কেবিনেটৰ সিদ্ধান্ত

ডিজিটেল ডেস্কঃ মঙলবাৰৰ ৰাজ্যিক কেবিনেটত গ্রহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা আশাকৰ্মীয়ে ৪হাজাৰ টকাকৈ লাভ কৰিব পাৰিতোষিক। পূৰ্বে মাহিলী ৩ হাজাৰ টকাকৈ লাভ কৰিছিল আশাকৰ্মীয়ে। ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। ৰাজ্য আৰু কেন্দ্রীয় উভয় চৰকাৰে অতিৰিক্তভাৱে দিব ৫০০টকাকৈ। মুঠ ৩৩,৬৫৬গৰাকী আশাকৰ্মীয়ে লাভ কৰিব এই পাৰিতোষিক।

Advertisment

একেদৰে, আশা ছুপাৰভাইজাৰ সকলৰো পাৰিতোষিক ১২০০টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আশা ছুপাৰভাইজাৰ সকলে ৯হাজাৰ টকাৰ বিপৰীতে এতিয়াৰে পৰা লাভ কৰিব ১০,২০০টকাকৈ পাৰিতোষিক। ইফালে, প্রদূষণ নিয়ন্ত্রণ পৰিষদ, অসমৰ নাম সলনি কৰাৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হৈছে। 
এতিয়াৰে পৰা ইয়াৰ নতুন নাম হ’ব অসম প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ড।

আনহাতে চৰকাৰী প্রতিষ্ঠানৰ মাটি বিভাগৰ নামত নামজাৰিত কেবিনেটে জনাইছে অনুমোদন। মিছন বসুন্ধৰা ৩.০ৰ যোগেদি হ’ব এই মাটি নামজাৰি প্রক্রিয়া। উল্লেখযোগ্য যে, শোণিতপুৰ আৰু গোলাঘাটৰ ১৪৬টা চৰকাৰী প্রতিষ্ঠানৰ পৰা আহিছিল প্রস্তাৱ। ৪খন জিলাৰ ১,০১১টা বেচৰকাৰী প্রতিষ্ঠানৰ ভূমি নামজাৰিৰ প্রস্তাৱত অনুমোদন দিয়ে কেবিনেটে।

ইফালে, সোনাল মান সিঙলৈ ২০২৩ বৰ্ষৰ শংকৰদেৱ বঁটা আগবঢ়োৱা হৈছে। ১২ জুনত শংকৰদেৱ কলাক্ষেত্রত প্রদান কৰা হ’ব এই বঁটা।  সোনাল মান সিঙ এই বঁটা প্রদান কৰিব ৰাজ্যৰ ৰাজ্যপালে।

 

অসম চৰকাৰৰ কেবিনেট বৈঠক কেবিনেট সিদ্ধান্ত অসম কেবিনেট কেবিনেট বৈঠক কেবিনেট