/asomiyapratidin/media/media_files/2025/02/03/yBxrWN5Cdppf08RiW37Q.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাটঃ অসম কবি সমাজৰ ২০২৪ বৰ্ষৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক কামিনীকান্ত ফুকন সোঁৱৰণী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে কাৰ্বি আংলং জিলাৰ ডেনগাঁৱৰ নিবাসী ৰেমী শৰ্মাক ৷ অসম কবি সমাজে প্ৰতিবছৰে অসম ভিত্তিত কাব্য সংকলনৰ ওপৰত অনুষ্ঠিত কৰি অহা ২০২৪ বৰ্ষৰ প্ৰতিযোগিতাৰ ফলাফলত ৰেমী শৰ্মাৰ নাম ঘোষণা কৰে ।
কাৰ্বি আংলং জিলাৰ ডেনগাঁৱৰ নিবাসী ৰেমী শৰ্মাই তেওঁৰ কাব্য সংকলন “ লাহেকৈ কোৱা কোনোবাই শুনিব “ শীৰ্ষক কাব্য সংকলনখনৰ জৰিয়তে অসম কবি সমাজৰ ২০২৪ বৰ্ষৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক কামিনীকান্ত ফুকন সোঁৱৰণী বঁটাৰ বাবে নিৰ্বাচিত হয় ।
এই বঁটাত আছে গামোচা, মানপত্ৰ, নগদ ১০ হাজাৰ টকা আৰু কিতাপৰ টোপোলা ৷ এই চেগতে ৰেমী শৰ্মাই অসম কবি সমাজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰতিযোগিতা আৰু অনুষ্ঠানৰ উত্তৰণৰ কামনা কৰিছে আৰু লগতে যি সকল গুণী ব্যক্তিৰ নামত পৰিয়াল বৰ্গই বঁটা সমূহ প্ৰদান কৰি আহিছে তেওঁলোকৰ প্ৰতিও কৃতজ্ঞতা জনাইছে ৷