Advertisment

বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীক স্মৰণ...

বাক্সা জিলা বড়ো সাহিত্য সভাৰ আহ্বান মৰ্মে মুছলপুৰ মহকুমাৰ অন্তৰ্গত  প্ৰতিটো প্ৰাথমিক বড়ো সাহিত্য সভাই আজি  বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীৰ মৃত্যু দিনটো উদযাপন কৰে।

author-image
Asomiya Pratidin
New Update
বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰী

ডিজিটেল সংবাদ বাক্সাঃ বাক্সা জিলা বড়ো সাহিত্য সভাৰ আহ্বান মৰ্মে মুছলপুৰ মহকুমাৰ অন্তৰ্গত  প্ৰতিটো প্ৰাথমিক বড়ো সাহিত্য সভাই আজি  বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীৰ মৃত্যু দিনটো উদযাপন কৰে। এনেদৰেই বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাই আজি বড়ো সাহিত্য সভাৰ পতাকাখন উত্তোলন কৰে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ উপ সভাপতি গুনাৰাজা বসুমতাৰীয়ে।

Advertisment

বড়ো লোক সাহিত্য সাধক সুকুমাৰ বসুমতাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শুভাৰম্ভ কৰে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ উপ সভানেত্ৰী ড০ আজলি বসুমতাৰীয়ে। বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সহকাৰী সম্পাদক অমৰজ্যোতি বসুমতাৰীয়ে আঁত ধৰা এই স্মৰণ সভাত বাক্সা জিলা বড়ো সাহিত্য সভাৰ সহকাৰী সম্পাদক দুলাল স্বৰ্গীয়াৰী, কোষাধ্যক্ষ কুলৰাম ব্ৰহ্ম, সাহিত্য একাডেমী বঁটা প্ৰাপক দেওবাৰ ৰামচিয়াৰী, বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ উপ সভাপতি খ্ৰৌমসাৰ বসুমতাৰী, বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সহকাৰী সম্পাদিকা ৰুবিলা স্বৰ্গীয়াৰী, বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জোংছাৰ ৰামছিয়াৰী, বিশিষ্ট কন্ঠশিল্পী মহেন্দ্ৰ বড়োৰ লগতে অঞ্চলটোৰ বহু সাহিত্যৰ অনুৰাগী।

উল্লেখ্য যে, বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীৰ নামত বড়ো ৰাইটাৰছ একাডেমীয়ে ২০১৭ চনৰ পৰা বড়ো লেখক সকলক অনুপ্ৰাণিত কৰিবলৈ সাহিত্য বঁটা আৰু বাক্সা জিলা বড়ো সাহিত্য সভাই ২০২৩ চনৰ পৰা হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিকত বড়ো বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰা ছাত্ৰ,ছাত্ৰীক বঁটা প্ৰদান কৰি আহিছে।

অহা  ১৬ নৱেম্বৰৰ বড়ো সাহিত্য দিৱসৰ দিনটোতে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাই বৰমা ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহত বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীৰ স্মৰণ সাহিত্য অনুষ্ঠানৰো আয়োজন কৰিছে।

বাক্সা বড়ো সাহিত্য সভা