ধুবুৰীত প্ৰখ্যাত সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মনক সোঁৱৰণ

সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মনক সোঁৱৰণ, অনুষ্ঠানত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকগৰাকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি প্ৰদান কৰি স্মৰণ কৰে আৰ ডি বৰ্মন ফেন ক্লাৱ, ধুবুৰীয়ে...

author-image
Asomiya Pratidin
New Update
আৰ ডি বৰ্মনক স্মৰণ

আৰ ডি বৰ্মনক স্মৰণ

ডিজিটেল সংবাদ, ধুবুৰী : দেশৰ প্ৰখ্যাত সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মনৰ মৃত্যু তিথি উপলক্ষে শনিবাৰে ধুবুৰীৰ নেতাই ধুবুনী পাৰ্কত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকগৰাকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি প্ৰদান কৰি স্মৰণ কৰে আৰ ডি বৰ্মন ফেন ক্লাৱ, ধুবুৰীয়ে।

এই উপলক্ষে আজি আৰ ডি বৰ্মন ফেন ক্লাৱ, ধুবুৰীয়ে নেতাই ধুবুনী পাৰ্কত স্বচ্ছ ভাৰতৰ অংশ হিচাপে ঝাড়ুৰে চাফাই অভিযান কৰি প্ৰতিজন নাগৰিককে চাফ-চিকুণকৈ থাকিবলৈ আহ্বান জনায়। ফেন ক্লাৱৰ কৰ্মকৰ্তাসকলে পুৱা পুষ্পাঞ্জলি প্ৰদান কৰি মহান শিল্পীগৰাকীলৈ সোঁৱৰণ কৰাৰ লগতে সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হ'ব বুলি জানিবলৈ দিয়ে।

music