বীৰাংগনা সাধনীৰ স্বাভিমান, সাহস আৰু ত্যাগক স্মৰণ

সতী সাধনী সাহস, ধৈৰ্য, বীৰত্ব আৰু জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা নাৰী। আজি সতী সাধনী দিৱস। চুতীয়া ৰাজ্যৰ শেষ ৰাণী সাধনীয়ে ১৫২৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে আত্ম বলিদান দিছিল।

author-image
Asomiya Pratidin
New Update
সতী সাধনী দিৱস

সতী সাধনী দিৱস

ডিজিটেল ডেস্ক : সতী সাধনী সাহস, ধৈৰ্য, বীৰত্ব আৰু জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা নাৰী। আজি সতী সাধনী দিৱস। চুতীয়া ৰাজ্যৰ শেষ ৰাণী সাধনীয়ে ১৫২৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে আত্ম বলিদান দিছিল। যাৰবাবে প্ৰতি বছৰে ৭ ব’হাগত অসমৰ নাৰী সমাজৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক সতী সাধিনীক স্মৰণ কৰি সমগ্ৰ অসমতে এই দিৱস পালন কৰা হয়।

Advertisment

সাধনী অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল ওৰফে ধীৰনাৰায়ণৰ একমাত্ৰ কন্যা আছিল। সন্তান লাভৰ বাবে ঈশ্বৰৰ আগত সাধনা কৰাৰ বাবে পিতৃ ধীৰনাৰায়ণে তেওঁক "সাধনী" নাম দিছিল। তেওঁৰ আন এটা নাম আছিল "তেজা"। এদিন ৰজা ফুৰিবলৈ যাওঁতে পাল শৱদিয়া মৈদামৰ ওপৰত এটা কেৰ্কেটুৱা বগাই ফুৰা দেখা পালে। ৰজাই থিৰাং কৰিলে যে, যিয়ে কেৰ্কেটুৱাটো একেপাত কাঁড়তে বিদ্ধ কৰিব পাৰিব তেওঁলৈকে সাধনীক বিয়া দিব। ৰজাৰ কথামতে এটা সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা নিতাইয়ে কেৰ্কেটুৱাটো বধ কৰে আৰু ৰজাই নিতাইৰ হাততে তেওঁৰ কন্যাৰ বিবাহ সম্পন্ন কৰে। 

নিতাইয়ে নীতিপাল নাম লৈ ৰাজ শাসন আৰম্ভ কৰে।নিতাই ৰজা হোৱাত ৰাজবংশৰ ৰাজপাট দাবীদাৰ কোঁৱৰসকল স্বাভাৱিকতে ক্ষুণ্ণ ‌হৈ পৰে। এই লোক সকলে নিত্যপালক সিংহাসনচ্যুত কৰিবলৈ ষড়যন্ত্ৰত নামে। এই ষড়যন্ত্ৰৰ মূল নায়ক ধীৰনাৰায়ণ ৰজাৰ ভায়েক সুৰজিৎ ওৰফে সুৰধ্বজপাল আছিল যদিও এই ষড়যন্ত্ৰ বিফল হয়। ইফালে নীতিপালৰ শাসনভাৰৰ দুৰ্বলতাৰ সুযোগ লৈ আহোম ৰজা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে। ১৫২৪ চনৰ বহাগ মাহৰ বিহুৰ দিনা শদিয়া আক্ৰমণ কৰা হৈছিল। আহোমৰ লগত যুদ্ধত হাৰি চুতীয়া ৰজা ৰাণী আৰু সৈন্য-সামন্তই চন্দনগিৰি পৰ্বতত আশ্ৰয় লৈছিল। উল্লেখযোগ্য যে, বিহুৰ দিনা শদিয়াৰ চাৰি শালত বৰ-বলি আয়োজন কৰা হয়, যʼত দেউৰী পূজাৰীৰ বাহিৰে অন্য লোকে হাতত অস্ত্ৰ লোৱাতো বৰ্জিত আছিল।

এই যুদ্ধত নীতিপাল পৰাস্ত হয়। সাধনীক আহোম সেনাপতিয়ে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায়। আনকি সাধনীক ৰাজৰাণীও পতা হ’ব বুলি আস্থা দিছিল আহোম সেনাপতিয়ে। কিন্তু তেনে সময়তে সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। সাধনীৰ এই স্বাভিমান আৰু ত্যাগক আজিও স্মৰণ কৰে প্ৰতিজন অসমীয়াই।

সতী সাধনী