/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2738fe33-d1cd-43f9-a1d4-28ecbdb6f4a6/7.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ বংগোপসাগৰৰ ৰীমলৰ প্ৰভাৱ পৰিছে নগাঁও জিলাত। প্ৰতিকুল বতৰৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা আয়ুক্তই জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে। তদুপৰি জিলা আয়ুক্ত গৰাকীয়ে সাম্ভাব্য প্ৰাকৃতিক দুৰ্যোগৰ বাবে মোকাবিলা কৰিবলৈ বিভিন্ন চৰকাৰী বিভাগে সমূহক সষ্টম হৈ থাকিবলৈ নিৰ্দেশনা জাৰী কৰিছে।
ইফালে পুৱাৰে পৰা অহা বতাহ বৰষূণৰ ফলত বহু শিক্ষানুষ্ঠানৰ গৃহত গছ বাগৰি পৰা ঘটনা সংঘটিত হৈছে । গছ বাগৰি বহু গৃহৰ বিস্তৰ ক্ষতি সাধন কৰিছে। বহু স্থানত বিদ্যুত পৰিবাহি তাঁৰ বিচিন্ন হৈ পৰিছে।
ইফালে নগাঁও ৰে'ল ষ্টেচনত প্ৰকাণ্ড গছ পৰি এজন গুৰুত্বৰ ভাৱে আহত হৈছে । নগাঁও ২ নং মোল্লাপট্টিৰ জাকিৰ হুছেইন নামৰ লোকজনে ষ্টেচনত নিজৰ গাড়ীখন ৰখাই থোৱাৰ অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয়।
Also Read: মায়ঙতো অব্যাহত আছে ৰীমালৰ তাণ্ডৱ...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us