তামিল ছবিৰ ৰিমেক লৈ আহি আছে অক্ষয় কুমাৰ...

বলিউডী ছবিৰ মানদণ্ড হ্ৰাস পোৱাৰ বাবেই যেন দৰ্শকৰ বলিউডী ছবিৰ প্ৰতি মন আঁতৰি গৈছে। ইয়াৰ বিপৰীতে ছবিগৃহত স্থান পাইছে দক্ষিণাত্য ছবিয়ে।
তামিল ছবিৰ ৰিমেক লৈ আহি আছে অক্ষয় কুমাৰ...

ডিজিটেল ডেস্ক: এসময়ত বলিউডী ছবিৰ বাবে ছবিগৃহত দৰ্শকৰ ভিৰ হোৱা সময় যেন এতিয়া অৱসান ঘটিছে। বলিউডী ছবিৰ মানদণ্ড হ্ৰাস পোৱাৰ বাবেই যেন দৰ্শকৰ বলিউডী ছবিৰ প্ৰতি মন আঁতৰি গৈছে। ইয়াৰ বিপৰীতে ছবিগৃহত স্থান পাইছে দক্ষিণাত্য ছবিয়ে।

ইখনৰ পাছত সিখন দক্ষিণাত্য ছবিয়ে ছবিগৃহত স্থান পোৱাৰ সমান্তৰালভাৱে, ইটোৰ পাছত সিটো বঁটা আজুৰি অনিবলৈও সক্ষম হৈছে দক্ষিণাত্য ছবিয়ে। যাৰ বাবে দৰ্শকৰ ছবিৰ সুৱাদত নতুন আমোদ দিবলৈ সক্ষম হৈছে দক্ষিণাত্য ছবিয়ে।

আনহাতে বৰ্তমান সময়ত দৰ্শকক আমোদ দিব নোৱাৰা বলিউডী ছবিয়ে এতিয়া সহায় লোৱা দেখা গৈছে দক্ষিণাত্য ছবিৰ। দক্ষিণাত্য জনপ্ৰিয় ছবিবোৰক বৰ্তমান সময়ত ৰিমেক (পুন:নিৰ্মান) কৰিছে বলিউড গোষ্ঠীয়ে। এনে বহু ছবি আছে যিবোৰ বলিউডত পুন:নিৰ্মান কৰা হৈছে। অৱশ্যে এনেবোৰ ছবিয়ে দৰ্শকৰ জনপ্ৰিয়তা চুই যাবলৈ সক্ষম হৈছে।

সেয়েহে হয়তো এতিয়া বলিউডৰ একমাত্ৰ ভৰষা হৈছে দক্ষিণাত্য ছবি। বলিউডৰ অভিনেতা অক্ষয় কুমাৰেও পুন:নিৰ্মান কৰিব এখন দক্ষিণৰ ছবি। শেহতীয়াকৈ অভিনেতা গৰাকীয়ে দিয়া এটা সামাজিক মাধ্যমৰ প’ষ্টৰ জড়িয়তে প্ৰকাশ পাইছে এই তথ্য। অভিনেতা গৰাকীৰ শেহতীয়া ছবি চেল্ফিয়ে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম নোহোৱাত অভিনেতা গৰাকীয়ে তেওঁৰ নিৰ্মীয়মীণ ছবি "অহ মাই গড ২"ক OTT প্লেটফৰ্মত আগবঢ়োৱাৰ কথা অৱগত কৰিছিল। ইয়াৰ পাছতে অভিনেতা গৰাকীয়ে এইবাৰ তামিল ছবি "চোৰাৰাই পত্তৰো"ক (Soorarai Pottru) পুন:নিৰ্মান কৰাৰ কথা প্ৰকাশ পাইছে।

বলিউডৰ কাহিনী, উপস্থাপন আদিয়ে দৰ্শকক চুব নোৱাৰাত এতিয়া দক্ষিণাত্য ছবিয়ে যেন একমাত্ৰ ভৰষা হৈ পৰিছে বলিউড গোষ্ঠীৰ বাবে। উল্লেখ্য় যে, ২০২৩ চনৰ ১ ছেপ্তেম্বৰত ছবি গৃহলৈ আহিব ছবিখন। ইতিমধ্যেই দৃশ্য গ্ৰহনৰ কাম আৰম্ভ হোৱা পুন:নিৰ্মান ছবিখনৰ নতুন নাম অৱশ্যে এতিয়াও ঘোষণা কৰা হোৱা নাই। ছবি খনৰ প'ষ্টাৰ সামাজিক মাধ্যমত অভিনেতা গৰাকীয়ে নিজেই শ্বেয়াৰ কৰিছে।

তামিল ছবিৰ ৰিমেক লৈ আহি আছে অক্ষয় কুমাৰ...
কংগনা ৰাণাৱতৰ বিশেষ দিন..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in