ৰঙিয়াৰ পৰা লোকনির্মাণ বিভাগৰ কাৰ্যালয় আমিনগাঁৱলৈ স্থানান্তৰকৰণক লৈ নাগৰিকৰ তীব্ৰ ক্ষোভ

ৰঙিয়াৰ পৰা লোকনির্মাণ বিভাগৰ কাৰ্যালয় আমিনগাঁৱলৈ স্থানান্তৰকৰণক লৈ নাগৰিকৰ তীব্ৰ ক্ষোভ

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ পৰা লোকনির্মাণ বিভাগৰ কাৰ্যালয় আমিনগাঁৱলৈ স্থানান্তৰকৰণক লৈ নাগৰিকৰ তীব্ৰ ক্ষোভ

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ পৰা লোকনির্মাণ বিভাগৰ (গৃহ) কাৰ্যালয় আমিনগাঁৱলৈ স্থানান্তৰকৰণক লৈ নাগৰিকৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত নৱ গঠিত নাগৰিক মঞ্চই হৰদত্ত-বীৰদত্ত ভৱন পথত অৱস্থিত আনন্দৰাম বৰুৱা একাডেমীত ৰঙিয়াৰ প্ৰথমখন কার্যনির্বাহক সভা অনুষ্ঠিত কৰে। প্রাক্তন বিধায়ক অনন্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৰঙিয়াৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়।

Advertisment

মঞ্চই ৰঙিয়াৰ পৰা লোকনির্মাণ বিভাগৰ (গৃহ) কার্যবাহী অভিযন্তাৰ কার্যালয়টো ৰাতিৰ ভিতৰতে আমিনগাঁৱলৈ স্থানান্তৰ কৰাত আপত্তি কৰি ৰঙিয়াবাসীৰ হৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰে।আগন্তুক দিনত এনে ধৰণৰ হঠকাৰী সিদ্ধান্ত নল'বলৈ সভাই সংশ্লিষ্ট বিভাগক সকিয়াই দিয়ে।

উল্লেখ্য যে নাগৰিক মঞ্চৰ আজিৰ সভাই ৰঙিয়াৰ স্বাস্থ্যখণ্ড, শিক্ষাখণ্ডৰ ওপৰত খৰছি মাৰি অনুসন্ধান কৰি মহকুমাধিপতি আৰু জিলাধিপতিক সাক্ষাৎ কৰি স্মাৰক পত্র প্রদান কৰাৰ সিদ্ধান্ত লয়।

উক্ত সভাত মঞ্চই কেইবাটাও বিষয় সন্দৰ্ভত আলোচন কৰে। বৰলীয়া নৈৰ দুয়োপাৰ পৰিষ্কাৰ কৰি তাত জাবৰ-জোঁথৰ পেলোৱাটো নিষিদ্ধ কৰা,নাগৰিকৰ ওপৰত আৰোপ কৰা বৰ্দ্ধিত পৌৰকৰ হ্ৰাস কৰি ৰাইজৰ গ্রহণযোগ্য হোৱাকৈ কৰৰ পুনৰ বিবেচনা কৰা, ১৯৫১ চনতে নির্মিত হৰদত্ত বীৰদত্ত ভৱন ব্যৱহাৰৰ বাবদ ধাৰ্য্য কৰা নিৰিখ অতি বেছি হোৱা বুলি সভাই মত ব্যক্ত কৰে। তাৰ পৰিৱর্তে ৩, ৬, ৯, ১২ আৰু ১৮ ঘণ্টা হিচাপত ভাড়াৰ নিৰিখ নিৰ্ধাৰণ কৰি ৰাইজৰ সম্পত্তি ৰাইজক ব্যৱহাৰ কৰাৰ সুযোগ দিয়াৰ বাবে আহ্বান জনায়।

তদুপৰি ৰে'ল নির্মাণত থকা বিভিন্ন আঁচনিৰ ওপৰতো আলোচনা কৰে। ৰঙিয়াত ইতিমধ্যেই দুখন সেতুৰ নির্মাণ সম্পূর্ণ হৈছে। ৩ খনৰ কাম শীঘ্রেই আৰম্ভ কৰাৰ বাবে মঞ্চই দাবী কৰে। আনহাতে চক্র বিষয়াৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ'ব লগা SK-14 গেটৰ উৰণীয়া সেতুখনৰ পৰা তলত ৩ টা সুৰংগ আৰু সেতুখনৰ পৰা ১টা পথ বে'ল জংচনলৈ যোৱাৰ বাবেও ব্যবস্থা ল'বলৈ আহ্বান জনায়।

লগতে ৰাষ্ট্ৰীয় বাজ মার্গৰ (127D) ৰঙিয়া ভূটান পথৰ তিনিআলি ৰেল ক্ৰছিঙৰ প্রস্তাবিত উৰণীয়া সেতুখন ৰাজ্য চৰকাৰৰ চলিত বৰ্ষৰ বাজেটত অন্তর্ভুক্ত কৰাৰ বাবেও স্থানীয় বিধায়ক গৰাকীৰ দৃষ্টি আকর্ষণ কৰে। সভাত সাধাৰণ সম্পাদকদ্বয় মুকুট চৌধুৰী, দ্বীপেন চক্রবর্তী, উপ-সভাপতি গৌৰীপ্রভা মহন্ত, দীনেশ চন্দ্র মহন্ত,নৱ কলিতা, আজিজুৰ ৰহমান, চাইদুল ইছলাম, কোষাধ্যক্ষ আবুবক্কৰ চিদ্দিক, কৰুণানন্দ শর্মা, খনিন্দ্র কলিতা, সুৰভি লহকৰ আদিয়ে ৰঙিয়াৰ সমস্যাসমূহ দাঙি ধৰি বক্তব্য ৰাখে।

rangia amingaon