/asomiyapratidin/media/media_files/2025/02/23/T0BmyYXXoU6OX7DNYx0K.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী: অগ্ৰণী পানীয় কোম্পানী ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ্ লিমিটেডে (আৰচিপিএল) গুৱাহাটীত এটা নতুন পানীয় বটলিং প্ৰকল্পৰ শুভ উদ্বোধনেৰে উত্তৰ-পূৰ্বাঞ্চলত কেম্পা পানীয়ৰ ব্যৱসায়িক প্ৰসাৰ ক্ষিপ্ৰতৰ কৰি তুলিছে।
স্থানীয় অংশীদাৰী প্ৰতিষ্ঠান জেৰিক'ৰ সহযোগত স্থাপন কৰা এই প্ৰকল্পটো আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক সম্প্ৰসাৰণত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে।
৬ লাখ বৰ্গফুটতকৈও অধিক বিস্তৃত এই প্ৰকল্পটো সমগ্ৰ অঞ্চলটোৰ সৰ্ববৃহৎ পানীয় প্ৰস্তুতকৰণ গোটসমূহৰ ভিতৰত এক অন্যতম গোট। এই প্ৰকল্পটিয়ে গ্ৰাহকৰ চাহিদা বৃদ্ধিৰে কাৰ্ব'নেটেড শীতল পানীয়ৰ বাবে ১০ কোটি লিটাৰৰো অধিক প্ৰাৰম্ভিক উৎপাদন ক্ষমতা আৰু পেকেটযুক্ত খোৱাপানীৰ বাবে প্ৰায় ১৮ কোটি লিটাৰৰ যোগান সুনিশ্চিত কৰিব।
এই সম্প্ৰসাৰণৰ বিষয়ে বৰ্ণনা কৰি ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ্ লিমিটেডৰ মুখ্য কাৰ্যকৰী বিষয়া কেতন ম'ডীয়ে কয়, "আজি আমি জেৰিক'ৰ সৈতে অংশীদাৰিত্বৰে গুৱাহাটীৰ পানীয় প্ৰকল্পটো উদ্বোধন কৰাৰ সময়ত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত হৈছে। এই প্ৰকল্পটিৰ আগন্তুক কাৰ্যকলাপে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব, যিয়ে স্থানীয় অৰ্থনৈতিক বিকাশত পোনপটীয়াকৈ অৰিহণা যোগাব আৰু স্থানীয় যুৱক-যুৱতীৰ বাবেও নিয়োগৰ নতুন সুযোগ প্ৰশস্ত কৰিব। এই সম্প্ৰসাৰণ হৈছে অঞ্চলটোৰ বহনক্ষম উন্নয়নৰ বাবে ভাৰতৰ ঐতিহ্যপূৰ্ণ ব্ৰেণ্ডবোৰ পুনৰুজ্জীৱিত কৰাৰ আমাৰ ৰণনীতিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ।"
গুৱাহাটীত অৱস্থিত সুপ্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান জেৰিক'ৰ সৈতে অংশীদাৰিত্বত বিকশিত এই প্ৰকল্পটোত দুটা বিশ্বমানৰ বটলিং লাইনৰ সৈতে অত্যাধুনিক নিৰ্মাণ প্ৰযুক্তি আছে । এটা ৬০০ বিপিএম (প্ৰতি মিনিটত বটল) কাৰ্ব'নেটেড শীতল পানীয় (চিএছডি) লাইন আৰু ৫৮৩ বিপিএম পানীয় উৎপাদন লাইন, যিয়ে পানীয় উৎপাদনত দক্ষতা আৰু উদ্ভাৱন যথেষ্ট সুদৃঢ় কৰিব।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি জেৰিক' ফুডছ্ এণ্ড বেভাৰেজ এলএলপি-ৰ প্ৰতিষ্ঠাপক আশিস আগৰৱালে কয়, "গুৱাহাটীত শুভাৰম্ভণি হোৱা এই বিশ্বমানৰ কেম্পা বটলিং প্ৰকল্পৰ সৈতে জড়িত হ'বলৈ পাই আমি আনন্দিত হৈছোঁ। জেৰিক' ফুডছৰ বাবে এয়া এক গৌৰৱান্বিত মাইলৰ খুঁটি। উপভোক্তাৰ চাহিদা বৃদ্ধি অনুযায়ী উৎকৃষ্ট সামগ্ৰীৰ প্ৰস্তুতকৰণেৰে আমি অসমক এক মুখ্য নিৰ্মাণ গন্তব্য স্থান হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। এই নতুন প্ৰকল্পই সমগ্ৰ অঞ্চলটোত উৎকৃষ্টতা, উদ্ভাৱন আৰু খাদ্য তথা পানীয় উৎপাদনৰ ভৱিষ্যতৰ সম্প্ৰসাৰণৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু কৰ্মোদ্যমক অধিক শক্তিশালী কৰিব।"
প্ৰকল্পটোৱে ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ্ লিমিটেডৰ জনপ্ৰিয় পানীয় পৰ্টফলিঅ' প্ৰস্তুত কৰিব, যাৰ ভিতৰত আছে- কেম্পা কোলা, কেম্পা অৰেঞ্জ, কেম্পা লেমন, পাৱাৰ আপ, আৰু ইণ্ডিপেণ্ডেন্স তথা ছিউৰ ৱাটাৰ ব্ৰেণ্ডৰ অধীনত পেকেটযুক্ত খোৱাপানী ইত্যাদি। মুখ্যতঃ সমগ্ৰ অসম, উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগৰ উত্তৰ প্ৰান্তৰ উপভোক্তাসকলৰ চাহিদা পূৰণ কৰিবলগীয়া এই সুবিধাসমূহ অন্যান্য বজাৰলৈও প্ৰয়োজন অনুসৰি যোগান ধৰাৰ ক্ষমতা আছে।
উক্ত প্ৰকল্পটোৱে বিভিন্ন গ্ৰাহকৰ পছন্দ পূৰণ কৰিবলৈ এছ.কে.ইউ. মিশ্ৰণৰ সৈতে বিভিন্ন পৰিসৰৰ পানীয় আৰু পেক আকাৰ সুনিশ্চিত কৰিব। এই সম্প্ৰসাৰণৰ জৰিয়তে ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ্ লিমিটেডে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ স্থিতি শক্তিশালী কৰাৰ সময়ত গ্ৰাহকসকলক উৎকৃষ্ট মানৰ পানীয় যোগান ধৰাৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ প্ৰতীয়মান কৰে। গুৱাহাটীৰ প্ৰকল্পটো বিশ্বমানৰ সামগ্ৰী বিতৰণৰ বাবে থলুৱা উৎপাদন ক্ষমতা ব্যৱহাৰ কৰাৰ দিশত ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ্ লিমিটেডৰ সবল দৃষ্টিভংগীৰ এক উল্লেখযোগ্য নিদৰ্শন।
ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ্ লিমিটেড (আৰচিপিএল)ৰ বিষয়ে-
ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ্ লিমিটেড হৈছে ভাৰতীয় গ্ৰাহকসকলৰ দৈনন্দিন জীৱন ন ন উদ্দীপনাৰে সমৃদ্ধ কৰাৰ দ্ৰুত যাত্ৰাত ভাৰতীয় উপভোক্তা সামগ্ৰীৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ। উদ্ভাৱন আৰু উপভোক্তাৰ সন্তুষ্টিৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিৰ সৈতে ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ্ লিমিটেডে স্থানীয় অন্তৰ্দৃষ্টিৰ সৈতে বিশ্বব্যাপী মান সংমিশ্ৰণ কৰি এনে উৎকৃষ্ট সামগ্ৰী প্ৰস্তুত কৰে, যি গ্ৰাহকৰ পছন্দৰ সৈতে প্ৰতিধ্বনিত হয় আৰু ব্যয়সন্মতভাৱে প্ৰযোজ্য মূল্যত প্ৰতিজন ভাৰতীয়ৰ বাবে উপলব্ধ হয়।
ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ শক্তিশালী আন্তঃগাঁথনিয়ে গ্ৰাহকসকলৰ বৰ্ধিত প্ৰয়োজনীয়তা পূৰণ কৰা, গ্ৰাহক আৰু অংশীদাৰসকলৰ সৈতে দীৰ্ঘম্যাদী সম্পৰ্ক গঢ়ি তোলা আৰু দেশৰ অৰ্থনৈতিক আৰু বাণিজ্যিক বিকাশত নিৰৱচ্ছিন্ন অৰিহণা যোগোৱাৰ লক্ষ্য ৰাখিছে। ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ্ লিমিটেডে সৰ্বস্তৰৰ পৰিয়াল আৰু সমাজৰ বিভিন্ন সামূহিক প্ৰয়োজনীয়তা পূৰণ কৰি, বিশ্বমানৰ, বিশ্বাসযোগ্য আৰু ব্যয়সাপেক্ষে তথা আজিৰ ভাৰতৰ বিকশিত আৰু উন্নত জীৱনশৈলীক প্ৰতিফলিত কৰা ভাৰতীয় উপভোক্তা সামগ্ৰী উদ্যোগৰ ভৱিষ্যৎ গঢ়াৰ যাত্ৰাত সক্ৰিয় ভূমিকা পালন কৰি আছে।