/asomiyapratidin/media/media_files/2025/02/05/sRzo4WriJVcTkMgq32vd.png)
ডিজিটেল ডেস্কঃ "বংগৰ সৈতে মোৰ সম্পৰ্ক ব্যৱসায়িক নহয়। এই সম্পৰ্কটো আৱেগ, অনুভৱৰ। মমতা মানে ব্যৱসায় সেয়ে মমতা বেনাৰ্জীৰ সোণাৰ বাংলাক সৌৰ বাংলালৈ ৰূপান্তৰিত কৰা হ’ব। বংগত উদ্যোগৰ ভৱিষ্যত উজ্জ্বল" - আজি মমতা বেনাৰ্জীৰ প্ৰশংসাত পঞ্চমুখ হৈ বংগত দুগুণ বিনিয়োগৰ কথা ঘোষণা কৰে উদ্যোগপতি তথা ৰিলায়েন্স গ্ৰুপৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে।
বুধবাৰে বিশ্ব বাণিজ্য সন্মিলন ২০২৫ত উপস্থিত হৈ পশ্চিমবংগত ৫০ হাজাৰ কোটি টকাৰ নতুন বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আম্বানীয়ে। লগতে আম্বানীয়ে কয় যে এই বিনিয়োগে ৰাজ্যখনত এক লাখ চাকৰিৰ সৃষ্টি কৰিব।
তেওঁ আৰু কয় যে, বিগত দশকত ৰিলায়েন্সে পশ্চিমবংগত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। এই দশকৰ শেষলৈকে আৰু ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। আমাৰ বিনিয়োগ ডিজিটেল সেৱা, সেউজ শক্তি, খুচুৰা বিক্ৰীকে ধৰি একাধিক খণ্ডত বিস্তৃত হ'ব।
আম্বানীয়ে পশ্চিমবংগৰ পবিত্ৰ ভূমিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কেবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে-
১) অহা ৯ মাহৰ ভিতৰত কলকাতাৰ ডাটা চেণ্টাৰটোক এআই ডাটা চেণ্টাৰলৈ ৰূপান্তৰ কৰা হ'ব।৫জি ষ্টেক, জিঅ' ফাইবাৰ, এয়াৰ ফাইবাৰ, মেচিন ইনটেলিজেন্স, ক্লাউড কম্পিউটিঙত বাংলা আধুনিক হ'ব। বংগত নতুন নিয়োগৰ সুযোগ, ব্যৱসায়ৰ সুযোগ বৃদ্ধি পাব। জিঅ' এআইৰ আন্তঃগাঁথনিয়ে বংগৰ প্ৰতিভা প্ৰদৰ্শন কৰিব।
২) ৰিলায়েন্স ৰিটেইলৰ বৰ্তমান বংগত ১৩০০ টা ষ্ট’ৰ আছে। আগন্তুক তিনিবছৰত ১৭ হাজাৰলৈ বৃদ্ধি কৰা হ'ব।
৩) ৰিলায়েন্সৰ স্বদেশ প্লেটফৰ্মে বাংলা হস্তশিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব। বাংলা শিল্পীৰ সামগ্ৰী দেশ-বিদেশলৈ প্ৰেৰণ কৰা হ'ব। লণ্ডন, নিউয়ৰ্ক আৰু পেৰিছত স্বাধীন ষ্ট'ৰ মুকলি কৰা হ'ব। তাত বাংলা জামদানী, বালুচাৰী, তাঁত, মুৰ্ছিদাবাদ ৰেচম, বিষ্ণুপুৰী ৰেচম, তাছাৰ ৰেচম, কন্ঠ শাড়ী, মুছলিন, আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰা হ'ব। বজাৰত বিস্ক ফাৰ্ম, আনমোল ৰাজা, চিটি গোল্ড, প্ৰভুজী, আৰু বিশ্ব বাংলাৰ খাদ্য সামগ্ৰী বিদেশৰ স্বদেশৰ দোকানত ৰখা হ'ব।
৪) ৰিলায়েন্সে নতুন শক্তিৰ পদক্ষেপ লৈছে। বংগই সেউজ শক্তি আৰু সেউজ অৰ্থনীতিৰে আগবাঢ়ি যাব।
তেওঁ অৱশেষত কয় যে, ৰিলায়েন্সে ৰাজ্য চৰকাৰৰ সহযোগত কালিঘাট মন্দিৰ সংস্কাৰ কৰিছে। আমাক সুযোগ দিয়াৰ বাবে ধন্যবাদ। ৰাজ্যবাসীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।