বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত "সন্ধান" শীৰ্ষক প্ৰৱন্ধ সংকলন উন্মোচন

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত বুধবাৰে "সন্ধান" শীৰ্ষক এখনি প্ৰৱন্ধ সংকলন উন্মোচন কৰা হয়।

author-image
Asomiya Pratidin
New Update
প্ৰৱন্ধ সংকলন উন্মোচন

প্ৰৱন্ধ সংকলন উন্মোচন

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত বুধবাৰে "সন্ধান" শীৰ্ষক এখনি প্ৰৱন্ধ সংকলন উন্মোচন কৰা হয়। ২০২৩ চনৰ পৰা বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত প্ৰকাশিত হৈ আহিছে এই "সন্ধান" শীৰ্ষক প্ৰৱন্ধ সংকলনখনি।

Advertisment

অধ্যাপিকা শ্বামীমা চুলতানা খন্দকাৰে সম্পাদনা কৰা 'সন্ধান'ৰ তৃতীয় সংস্কৰণ খনি উন্মোচন কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দেৱজিৎ মহন্তই। তেওঁ কয়- "বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ মহিলা কোষৰ ব্যতিক্ৰমী চিন্তাধাৰাৰে উন্মোচিত প্ৰবন্ধ সংকলনখনিত মুঠ ৩৫ গৰাকী লেখক লেখিকাৰ বৈচিত্ৰপূৰ্ণ লিখনিৰ সমৃদ্ধ হৈছে। এই সংকলনখনিত পাঠকে বহু গুৰুত্বপূৰ্ণ তথ্য পাব।"

অনুষ্ঠানটিত মহিলা কোষৰ সদস্যা তথা অধ্যাপিকা হেময়ন্তী ডেকা, নাচৰিন আহমেদ, ড০ প্ৰাঞ্জলী মহন্ত, লিপিকা আফৰুজ, ৰিমি বৰা, প্ৰণামিকা গোস্বামীৰ লগতে অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী বৃন্দ উপস্থিত থাকে।

batadraba