Advertisment

ভাগৰুৱা দেহা, বাখৰুৱা সপোনৰ স্মৃতি : নগাঁৱৰ সংগ্ৰামী নেত্ৰী ৰেখা শৰ্মাৰ "কত কথা..." উন্মোচন

সংগ্ৰামী নেত্ৰী, অসমীয়া সংস্কৃতি, জাতি, মাতৃভূমিৰ স্বাৰ্থত মাত মাতি অহা সাহসী মহিলা নেত্ৰী ৰেখা শৰ্মাৰ “ কত কথা কত কাহিনী “ শীৰ্ষক গ্ৰন্থখনি দেওবাৰে শুভ উন্মোচন কৰা হয় ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
zdh

ডিজিটেল সংবাদ ,নগাঁও : সংগ্ৰামী নেত্ৰী, অসমীয়া সংস্কৃতি, জাতি, মাতৃভূমিৰ স্বাৰ্থত মাত মাতি অহা সাহসী মহিলা নেত্ৰী ৰেখা শৰ্মাৰ “ কত কথা কত কাহিনী “ শীৰ্ষক গ্ৰন্থখনি দেওবাৰে শুভ উন্মোচন কৰা হয় । ৰাষ্ট্ৰীয়তাবাদক বিশ্বাস কৰিলেও জাতিটোক ভালপোৱা জাতিৰ বাবে বলিষ্ঠ কণ্ঠেৰে মাত মাতি অহা ৮৭ বছৰীয়া ৰেখা শৰ্মাৰ নৱ প্ৰকাশিত পঞ্চমখন গ্ৰন্থ “ কত কথা কত কাহিনী “ শুভ উন্মোচন কৰে কবি , সাহিত্যিক , শিক্ষাবিদ ড০ শৰৎ বৰকটকীয়ে । 

Advertisment

xf

পুৱা ১০:৩০ বজাত আমোলাপট্টিৰ বাসভৱনত অনুষ্ঠিত উন্মোচনী সভাখনি বন্তি প্ৰজ্বলন কৰি পাতনি মেলা হয় । বন্তি প্ৰজ্বলন কৰে মধু সুধন দেৱ গোস্বামীয়ে । মুকুল বৰঠাকুৰে আঁত ধৰা সভাখনিত সৰস্বতী বন্দনা পৰিবেশন কৰে প্ৰতীশা বৰুৱাই । সভাখনিত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত , প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, গল্পকাৰ শিবানন্দ কাকতি , নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । 

gj

গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভণীতে নিজৰ ভাষণ আগবঢ়াই জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই কয় যে ৰেখা শৰ্মা বাইদেউৰ গ্ৰন্থ উন্মোচনী সভাৰ অনুষ্ঠানটি বাইদেউৰ জীৱনজোৰা সাধনাৰ বঁটাৰ দৰে অনুষ্ঠান হিচাপে গন্য কৰিছো। আৰু এনে এটি অনুষ্ঠানত উপস্থিত থাকিবলৈ পোৱাটো সৌভাগ্য বুলি অনুভৱ কৰিছো ।

লগতে প্ৰকাশ মহন্তই লগতে কয় যে মোৰ শিপা নগাঁও । সংগ্ৰামী জীৱনৰ , সামাজিক জীৱনৰ আদিপাঠ লোৱাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাইছিল ৰেখা বাইদেউহঁতে । ৰেখা শৰ্মা ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি থকা মহিলা আছিল । 

fdj

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়- ৰেখা শৰ্মা জাতীয় চেতনাৰ প্ৰতি সদায় সচেতন মহিলা । ৰাষ্ট্ৰীয়তাবাদী চিন্তা , দেশৰ সুৰক্ষাৰ বাবে মাত মতা অসম আন্দোলনৰ অগ্ৰণী সাহসী মহিলা ৰেখা শৰ্মা এগৰাকী দুৰ্দান্ত বক্তা আছিল ।

gdjfg

শিক্ষাবিদ তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই সভাত কয় যে গভীৰ জ্ঞানৰ অধিকাৰী সাহসী মহিলা আছিল ৰেখা শৰ্মা । অসম আন্দোলনত নেতৃত্ব বহন কৰিছিল ৰেখা বাইদেউৱে । কৰ্মত সততা আৰু আত্মবিশ্বাস আছিল । বদ্ধমূলক আদৰ্শ লৈ আগবাঢ়িছিল । সকলো শ্ৰেণীৰ লোকে বাইদেউক সন্মান কৰিছিল । ৰাষ্ট্ৰীয়তাবাদী হ’লেও ৰেখা শৰ্মাই অসম আৰু অসমীয়া , অসমীয়া ভাষা আৰু মানুহ সুৰক্ষাৰ চিন্তা কৰিছিল । 

dhh

বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতীয়ে কয় যে সমাজৰ লগতে মহিলাৰ উত্তৰনৰ কাৰনে কাম কৰিছিল । গ্ৰন্থ উন্মোচক ড০ শৰৎ বৰকটকীয়ে কয় যে ৰেখা শৰ্মাৰ "কত কথা কত কাহিনী" হৈছে এক সামূহিক স্মৃতিৰ ভঁড়াল ।

ইতিহাসৰ কেইটা মান পৃষ্ঠা চিৰস্থায়ী কৰিবলৈ চেষ্টা কৰিছে । সমাজ , দেশৰ কথাক লৈ গ্ৰন্থখনিত আবেগ জড়িত হৈ আছে । ৰেখা শৰ্মা এগৰাকী স্নেহময়ী মাতৃ আখ্যা দি ড০ বৰকটকীয়ে কয় যে অক্লান্ত দেশক ভালপোৱা সংগ্ৰামী মহিলা , কৰ্মশীল , দুৰদৰ্শী ,মধুৰ ভাষিণী মহিনী মহিলা । প্ৰগতিবাদী গুণৰ অধিকাৰী ৰেখা শৰ্মাৰ "কত কথা কত কাহিনী" আমাৰ বাবে এখনি দলিল ।

RUPAK SARMA book release