/asomiyapratidin/media/media_files/2025/02/21/xdrOlqXVPU2wLkh9ptcN.jpg)
ডিজিটেল ডেস্কঃ দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে ৰেখা গুপ্তাই। ৰাজধানী চহৰখনৰ মুখ্যমন্ত্ৰীৰূপে বৃহস্পতিবাৰে শপত লৈয়ে হাতে-কামে লাগি গ'ল গুপ্তা। প্ৰথমটো দিনা কাৰ্যালয়ত উপস্থিত হৈয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিলে ৰেখা গুপ্তাই।
সেই নিৰ্দেশ অনুযায়ী অৰবিন্দ কেজৰিৱাল আৰু আতিশী মাৰ্লেনাৰ কাৰ্যকালত মুখ্যমন্ত্ৰীকে ধৰি আন মন্ত্ৰী সকলৰ দপ্তৰত কৰ্মৰত ব্যক্তিগত সহায়কাৰী তথা আন কৰ্মচাৰী সকলক কামৰ পৰা অব্যাহতি দিয়ে ৰেখা গুপ্তাই। সেই স্থানত নিযুক্তি দিয়ে তেওঁলোকৰ বিশ্বস্ত কৰ্মচাৰী আৰু সহায়কাৰীক।