কেজৰিৱালৰ সৈতে কি সম্পৰ্ক ৰেখা গুপ্তাৰ আক্ৰমণকাৰীৰ ?

এই ফটোখন দিল্লীৰ মতি নগৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হৰিশ খুৰাণাই শ্বেয়াৰ কৰিছে। ফটোখন শ্বেয়াৰ কৰি হৰিশ খুৰাণাই সামাজিক মাধ্যমত লিখিছে যে, যিটো সন্দেহ কৰা হৈছিল সেয়াই হৈছে।

New Update
new ap web 3 (9)

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰা ব্যক্তিজনৰ ফ'টো সামাজিক মাধ্যমত ভাইৰেল হোৱা পাছতে সমগ্ৰ বিষয়টো সন্দৰ্ভত চাঞ্চল্যৰ সৃষ্টি হৈছে। দৰাচলতে এই ফটোখনত আক্ৰমণকাৰী জনৰ সৈতে আম আদমি পাৰ্টিৰ নেতা গোপাল ইটালিয়াকো দেখা গৈছে।

Advertisment

লক্ষ্যণীয় যে, এই ফটোখন দিল্লীৰ মতি নগৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হৰিশ খুৰাণাই শ্বেয়াৰ কৰিছে। ফটোখন শ্বেয়াৰ কৰি হৰিশ খুৰাণাই সামাজিক মাধ্যমত লিখিছে যে, যিটো সন্দেহ কৰা হৈছিল সেয়াই হৈছে।

তেওঁ আৰু লিখিছে যে, অৰবিন্দ কেজৰিৱালৰ অতি ঘনিষ্ঠ ব্যক্তি গোপাল ইটালিয়াৰ সৈতে আক্ৰমণকাৰীৰ ফটোখনে বহু কথাই কৈছে। অৰ্থাৎ আজি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত সংঘটিত আক্ৰমণ যে আম আদমী পাৰ্টিৰ সৈতে জড়িত সেয়া স্পষ্টকৈ দেখা যায়। কেজৰিৱাল জী, 'য়ে ৰিষ্টা ক্যা কেহলাতা হে' বুজাই দিব।

উল্লেখযোগ্য যে, ৰেখা গুপ্তাৰ আক্ৰমণকাৰীজনৰ নাম ৰাজেশ ভাই খিমজী ভাই সকাৰীয়া। অভিযুক্ত গৰাকী ৰাজকোটৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আক্ৰমণৰ ঘটনাৰ লগে লগে আৰক্ষীয়ে তেওঁক জিম্মাত লৈছে। ইফালে অভিযুক্তৰ মাতৃ ভানুৱে ৰাজেশক কুকুৰ প্ৰেমী বুলি দাবী কৰে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লীৰ অঘৰী কুকুৰৰ ওপৰত দিয়া ৰায় ভালপোৱা নাছিল ৰাজেশে। তাৰ পিছত ৰাজেশ দিল্লীলৈ যায়।

আপ ৰেখা গুপ্তা