Advertisment

ধেমাজি প্ৰেছ ক্লাৱত নিয়মীয়া যোগ শিবিৰ মুকলি

আৰোগ্য যোগ কেন্দ্ৰ ধেমাজিৰ উদ্যোগত দেওবাৰে পুৱা ধেমাজি প্ৰেছ ক্লাৱৰ ওপৰৰ ম'হলাত এটি নিয়মীয়া যোগ শিৱিৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বন্তি প্ৰজ্বলনেৰে কেন্দ্ৰটি মুকলি কৰে ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰে ৷ 

author-image
Asomiya Pratidin
New Update
yoga

ডিজিটেল সংবাদ, ধেমাজি : আৰোগ্য যোগ কেন্দ্ৰ ধেমাজিৰ উদ্যোগত দেওবাৰে পুৱা ধেমাজি প্ৰেছ ক্লাৱৰ ওপৰৰ ম'হলাত এটি নিয়মীয়া যোগ শিৱিৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বন্তি প্ৰজ্বলনেৰে কেন্দ্ৰটি মুকলি কৰে ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰে ৷ 

Advertisment

আৰোগ্য যোগ কেন্দ্ৰ ধেমাজিৰ পৰিচালক ফুলেন দাসে আতঁ ধৰা অনুষ্ঠানটিত জিলা আয়ুক্তগৰাকীয়ে আৰোগ্য যোগ কেন্দ্ৰৰ পদক্ষেপক শলাগ লয়।  লগতে এই যোগৰ জৰিয়তে জনসাধাৰণৰ সুস্বাস্থ্য অটুট ৰখাত সদায় সহায় কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে সকলো ৰাইজকে দৈনিক যোগাভ্যাস কৰিবলৈ আহবান জনায় ৷ 

অনুষ্ঠানত পতঞ্জলি যোগ সমিতিৰ প্ৰাক্তন সভাপতি হেৰেম্ব প্ৰসাদ দাসে বৰ্তমান সময়ত যোগৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য প্ৰদান কৰে। যোগৰ জৰিয়তে এজন ব্যক্তিয়ে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশত সফলতা লাভ কৰিব পাৰি বুলি উল্লেখ কৰে ৷ 

অনুষ্ঠানত জিলা আয়ুক্তগৰাকীৰ সহধৰ্মিনী মনিষা জাভীৰ উপস্থিত থকাৰ লগতে ভূপেন গগৈ, কৃষ্ণ বৰদলৈ , ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, যোগ শিক্ষয়িত্ৰী পুষ্পাঞ্জলি দত্তক প্ৰমুখ্যে কৰি বহুকেইগৰাকী যোগৰ শিক্ষয়িত্ৰীৰ লগতে অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থী উপস্থিত থাকে ৷ 

উল্লেখ্য যে যোগ শিবিৰটোত যোগ প্ৰশিক্ষক তথা যোগা থেৰাপি একুপ্ৰেচাৰ থেৰাপিষ্ট ফলেন দাস , যোগ শিক্ষক ৰঞ্জন চুতীয়া আৰু যোগ শিক্ষয়িত্ৰী ৰশ্মি ৰেখা দিহিঙীয়াই প্ৰশিক্ষণ প্ৰদান কৰিব ৷

ধেমাজি