/asomiyapratidin/media/media_files/2025/03/22/fYsnTrPxGwxxmue5QqSZ.jpg)
‘৩৭০ নং অনুচ্ছেদেই আছিল কাশ্মীৰত বিচ্ছিন্নতাবাদৰ ভেটি'
ডিজিটেল ডেস্ক: ৩৭০ নং অনুচ্ছেদ বাতিলৰ পাছত কাশ্মীৰত হ্ৰাস পাইছে সন্ত্ৰাসবাদী কাৰ্যকলাপ। লগতে কাশ্মীৰত সৃষ্টি হৈছে ৪০ হাজাৰ চৰকাৰী চাকৰি। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আকোৰগোঁজ স্বভাৱৰ বাবেই ৩৭০ নং অনুচ্ছেদ বাতিল হোৱা নাছিল বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
অমিত শ্বাহে সদৰী কৰে, ‘৩৭০ নং অনুচ্ছেদেই আছিল কাশ্মীৰত বিচ্ছিন্নতাবাদৰ ভেটি।' পূৰ্বৰ চৰকাৰসমূহে ভোট বেংকৰ ৰাজনীতি আৰু আকোৰগোঁজ মনোভাৱৰৰ বাবে ৩৭০ অনুচ্ছেদক স্থায়ী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ২০১৯ চনৰ ৫ আগষ্টত এই অনুচ্ছেদ বাতিল হোৱাৰ পিছত সন্ত্ৰাসবাদী কাৰ্যকলাপ যথেষ্ট হ্ৰাস পোৱাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে গৃহমন্ত্ৰীয়ে। তেওঁ উল্লেখ কৰে “২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত সন্ত্ৰাসবাদ সম্পৰ্কীয় ৭,২১৭টা কাণ্ড সংঘটিত হৈছে। ২০১৪ চনৰ পৰা ২০২৪ চনলৈ এই সংখ্যা ২,২৪২ লৈ হ্ৰাস পাইছে। অসামৰিক লোকৰ মৃত্যু ৮১% হ্ৰাস পাইছে। আনহাতে নিৰাপত্তা বাহিনীৰ মৃত্যু ৫০% আৰু সামগ্ৰিক মৃত্যু ৭০%, হ্ৰাস পাইছে” বুলিও মন্তব্য কৰে। সন্ত্ৰাসবাদৰ প্ৰতি চৰকাৰৰ শূন্য সহনশীলতা নীতিৰ বাবে এয়া সম্ভৱ হৈ উঠা বুলিও উল্লেখ কৰি তেওঁ কয়, ‘চাৰি দশকত সন্ত্ৰাসবাদ, বাওঁপন্থী উগ্ৰবাদ আৰু বিদ্ৰোহৰ বাবে প্ৰায় ৯২ হাজাৰ নাগৰিকে প্ৰাণ হেৰুৱাইছিল।' তৃণমূল পৰ্যায়ত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ ওপৰত আলোকপাত কৰি অমিত শ্বাহে জম্মু-কাশ্মীৰত নগৰ আৰু গ্ৰাম্য স্থানীয় সংস্থাৰ নিৰ্বাচন সফল পৰিচালনাৰ কথা উল্লেখ কৰে।
আনহাতে চৰকাৰী চাকৰি সৃষ্টি কৰাৰ ক্ষেত্ৰটো তেওঁ কয়, “২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত কাশ্মীৰ অঞ্চলত ৪০ হাজাৰ চৰকাৰী চাকৰিৰ সৃষ্টি হৈছে। ১.৫১ লাখ আত্মনিয়োগৰ সুযোগ আৰু দক্ষতা ক্লাৱো কাশ্মীৰত স্থাপন কৰা দেখা গৈছে।”